অভিনয়েৰে জগত জিনাৰ সপোন যুৱ অভিনেতা পংকজ কুমাৰ শৰণীয়াৰ

সাম্প্ৰতিক সময়ত অসমৰ সাজপাৰেই হওঁক বা অসমীয়া আ-অলংকাৰেই হওঁক , এতিয়া বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে । ঠিক এনে সময়তে অসমৰ ফেশ্বনেও বৰ্তমান বিশ্ব দৰবাৰত এক ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।[donate] এই সকলোবোৰকে অনুসৰণ কৰি এতিয়া অসমৰ বহু প্ৰতিভাই বিনোদনৰ জগতখনলৈ ঢাপলি মেলিছে। এনে এজন উদ্যমী প্ৰতিভাসম্পন্ন সহজ-সৰল, বন্ধুত্বপূৰ্ণ যুৱক পংকজ কুমাৰ শৰণীয়া। ১৯৯২ চনত জন্মলাভ কৰা গুৱাহাটীৰ বামুনিমৈদানৰ পংকজ কুমাৰ শৰণীয়াই ইতিমধ্যে নাটক-চুটি ছবি আৰু জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । সকলো সময়তে আনক সহায় কৰি ভালপোৱা যুৱ প্ৰতিভা পঙ্কজে অভিনয় শিক্ষা আনুষ্ঠানিকভাৱে…

Read More

গৰ্বেৰে আমি দৰঙীয়ান

“গৰ্বেৰে আমি দৰঙীয়ান” ✍জিন্টু ভুঞা 7002134518    হাজাৰ সপোনে  যত বিছৰণ কৰে, বহুৰঙী বতাহে বা বিলায়, এটা আশা যেন, ইয়াৰ নাম দৰং মহাবিদ্যালয় । আগফালে থকা সেই ফুচকা দোকান খনৰ পৰা পাছফালে ৰৈ থক টমটম কেইখনলৈকে সকলোবোৰ যেন অচিন যদিও চিনাকি, এটা হাহি নজনাকৈই ভাহি আহে, যেতিয়া প্ৰেমত পৰা যায় সেই প্ৰেমৰ নাম যেন দৰং মহাবিদ্যালয়,। জ্ঞানৰ বাটেৰে ,  আন্ধাৰ আতৰাই  পোহৰ বিলোৱা , সপোন বোৰ পুৰাবলৈ বাট দেখুওৱা  নামত যাৰ আছে শক্তি,  তাৰ নাম দৰং মহাবিদয়ালয়।   সকলোৰে চিনাকী আমি দৰঙীয়ান, আমি বন্ধু আমি ভাই  নানা ৰঙৰ ,  তথাপিতো…

Read More

১১ নবেম্বৰত  দিছপুৰ  প্ৰেছ ক্লাবত  ডিজিটেল,প্ৰিন্ট,ৱেব ,ইলেক্ট্ৰনিক মেডিয়াৰ সাংবাদিক সকলক লৈ  “সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা” গঠনৰ বাবে সাধাৰণ সভা আহ্বান

১১ নবেম্বৰত  দিছপুৰ  প্ৰেছ ক্লাবত  ডিজিটেল,প্ৰিন্ট,ৱেব ,ইলেক্ট্ৰনিক মেডিয়াৰ সাংবাদিক সকলক লৈ  “সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা” গঠনৰ বাবে সাধাৰণ সভা আহ্বান   প্ৰিয় সতীৰ্থ,   সমগ্ৰ বিশ্বতে এতিয়া চছিয়েল তথা  ডিজিটেল ৱেব  মেডিয়াৰ জনপ্ৰিয়তা আৰু চাহিদা দিনক দিনে তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ আৰু অৰ্হনিশে নানান ধৰণৰ সমালোচনা,আলোচনা,পৰ্য্যলোচনা আদিবোৰ  হৈ আহিছে ৷ আনকি যধেমধে অপ প্ৰচাৰ আৰু হকে বিহকে ভুৱা প্ৰচাৰ কৰি থকাটো এতিয়া নিত্য  নৈমিত্তিক স্বাভাৱিক ঘটনা হৈ আহিছে ৷   অসমত চচিয়েল তথা ৱেব  মেডিয়াৰ সাংবাদিক সকলক চৰকাৰে স্বীকৃতি  প্ৰদান কৰে নাই ৷ সেইববোৰৰ সম্পৰ্কত  এতিয়ালৈ কোনো…

Read More

নায়েৰ আলগাত আজব কাণ্ড

নায়েৰ আলগাত আজব কাণ্ড সভাপতি প্ৰধান শিক্ষয়ত্রীয়ে নাজানে কাইজাৰ চৰ এল পি স্কুলৰ একত্রিকৰন কথা– তদন্তৰ দাবী বিলাসীপাৰা  কৃষক মুক্তিৰ আঞ্চলিক সমিতৰ।    বিলাসীপাৰা,৩১ অক্টোবৰ:- ধুবুৰী জিলাৰ বিলাসীপাৰা নায়েৰ আলগাত আজব কাণ্ড। বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ কাইজাৰ চৰ এল পি স্কুলৰ একত্রিকৰন হোৱা কথা নাজানে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কদম আলীয়ে। তেওঁ কোৱা মতে তেওঁৰ অজ্ঞাতে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্রী আছমিনা খাতুনে নিজৰ স্বাৰ্থ সিদ্ধিৰ ভাবে নিচেই ওচৰত থকা দৈখোৱা পাৰা এল পি স্কুলৰ লগত একত্রিকৰন নকৰি প্ৰায় তিনি কিলোমিটাৰ দূৰত্ব থকা নায়েৰ আলগা ২য় খণ্ড চুনাৰী পাৰা প্ৰাথমিক বিদ্যালয়ৰ…

Read More

এক নবেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ

এক নবেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ/ একাধিক আন্তগাঁথনিমূলক নিৰ্মাণ কাৰ্য্যৰে প্ৰস্তুতি তুংগত /     ছয়দুৱাৰ মহাবিদ্যালয়ৰ চৌহদৰ পৰা পৰাশ শইকীয়া, গহপুৰ, ৩১ অক্টোবৰঃ গহপুৰ মহকুমাৰ একমাত্ৰ পূৰ্ণাংগ উচ্চ শিক্ষানুষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহলৈ মাজত মাথো আৰু দুটা দিন। অহা এক নবেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব গহপুৰীয়া ৰাইজৰ অতি আপোন তথা আদৰৰ শিক্ষানুষ্ঠান খনৰ সোণালী জয়ন্তী সমাৰোহ। ইয়াকে লৈ এতিয়া গহপুৰ নগৰৰ মাজ মজিয়াত অৱস্হিত মহাবিদ্যালয় খনৰ চৌহদত বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিবেশ। উল্লেখ যে বছৰ জোৰা কাৰ্য্যক্ৰমৰে সোণালী জয়ন্তী সমাৰোহৰ…

Read More

ডুমডুমাৰ বৰডুবি চাহ বাগিছাত বন্যহস্তীৰ উপদ্ৰপ

ডুমডুমাৰ বৰডুবি চাহ বাগিছাত বন্যহস্তীৰ উপদ্ৰপ। কাকপথাৰ ৩১ অক্টোবৰ:তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ বৰডুবি চাহ বাগিছাত কালি নিশাৰে পৰা প্ৰায় ১৫০ জনীয়া বনৰীয়া হস্তীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অাহি চাহ বাগিছাখনৰ অনিষ্ট সাধন কৰাৰ লগতে কাষৰীয়া বাসিন্দাৰ ঘৰ দুৱাৰ ,মুল্যবান গছ গছনিৰ ব্যাপক ক্ষতি সাধন কৰি বৃহত্তৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি অাছে।ইতিমধ্যে ডুমডুমাৰ বন বিভাগে বনৰীয়া হাতীৰ জাকটো  উক্ত স্থানৰ পৰা বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে যদিওঁ সফল হ’ব পৰা নাই।বন্যহস্তীৰ অাক্ৰমনৰ অাশংকাত কাষৰীয়া বাসিন্দাসকলে উৰে নিশা উজাগৰে থাকি নিৰাপদ স্থানত অৱস্থান কৰিছে।সন্প্ৰতি…

Read More