তিনিচুকীয়া ধলা ঘটনাৰ ভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া

● মমতা বেনাৰ্জী তীব্ৰ গৰিহণা । ● শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ,মন্ত্ৰী কেশৱ মহন্তক ঢলালৈ যাবলৈ তৎকালীন ভাবে নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। ●সংঘটিত ঘটনাক মুখ্য মন্ত্ৰীৰ কাপুৰুষ আখ্যা। সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ হোৱাৰো হুংকাৰ দিছে মুখ্যমন্ত্ৰীৰ। ● ধলা ঘটনাত স্থানীয় জনসাধাৰণে আৰক্ষীৰ হাত থকা সন্দেহ প্ৰকাশ কৰিছে । ঘটনাৰ পাছত আৰক্ষীক খবৰ দিয়াৰ পাছত আৰক্ষীৰ ফোন বন্ধ থকা বুলি ৰাইজৰ অভিযোগ। লগতে অন্য দিনৰ দৰে আজি আৰক্ষীৰ নিয়মীয়া তালাচী বন্ধ আছিল উক্ত অঞ্চলটোত। ● অসম সাহিত্য সভাই তিনিচুকীয়া ধলা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে।দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী…

Read More...

এক হিদয় বিদাৰক ঘটনা

  মাতৃৰ মৃত্যুৰ বেদনা বুকুত লৈ উকা সাজত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ মূল্যায়ণৰ পৰীক্ষাত বহিল কনমানি ছাত্ৰ দ্বীপ দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ চলি থকাৰ সময়তে বিশ্বনাথ জিলা হেলেম ৰাজহ চক্ৰৰ জালুকবাৰী পঞ্চায়তৰ অৰ্ন্তগত ব্ৰহ্মাজান দানী গাঁও প্ৰাথমিক বিদ্যালয়ত আজি দেখা গ’ল এজন ছাত্ৰৰ এক কৰুণ দৃশ্য। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম দিনা কাৰ্যসূচী হিচাপে বিশ্বনাথৰ ব্ৰহ্মাজান দানীগাওঁ প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি সভাপতি ,সদস্য/সদস্যা,মাতৃগোটৰ সদস্যা আৰু ৰাইজৰ সহযোগত সুন্দৰ ভাৱে সম্পন্ন হয় ছাত্র- ছাত্ৰী সকলৰ স্বমূল্যায়ন পৰীক্ষা। উল্লেখ যোগ্য কথাটো হ’ল যে উক্ত প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ কনমানি ছাত্ৰ ধনঞ্জয় দাসৰ…

Read More...

শিক্ষকৰ ৰূপত কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত :

  ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত শিক্ষকৰ ৰূপত কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত :   বিশ্বনাথত গুণোৎসৱত ভাগ ললে মন্ত্ৰী পল্লব লোছন দাসে :   গুণোৎসৱৰ প্ৰাগক্ষণত বিশ্বনাথত অথন্তৰ, জুই লাগিল বিদ্যালয়ত* আজি দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱৰ দ্বীতিয় দিন ৷ বিশ্বনাথ জিলাৰ ১১০৪ খন বিদ্যালয়ৰ ৮৮২২৭ জন ছাত্ৰ ছাত্ৰীক সামৰি লৈছে গুনোৎসৱে ৷ চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহী মূল্যায়ক হিচাবে উপস্থিত আছে শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাস আৰু বিহালীৰ ৯ নং লাইন প্ৰাথমিক বিদ্যালয়ত বহী মুল্যায়ক ৰূপে উপস্থিত থাকে জ্যেষ্ঠ কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত ৷ ৰাজ্যৰ দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱত কেৱিনেট…

Read More...

বিশ্বনাথত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ প্ৰতিবাদ

সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাটো সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ বিশ্বনাথ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ,ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিধায়ক শিলাদিত্য দেৱৰ পুত্তলিকা দাহ কৰে। আজিৰ কাৰ্যসূচীত সংগঠনৰ প্রায় শতাধিক সদস্য অংশগ্ৰহণ কৰে। । উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱা, সাংগঠনিক সম্পাদক বিজিত শইকীয়া, বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা ৰঞ্জিত ছেত্ৰী, সভাপতি নৃত্যনন্দ দাস, উপ সভাপতি অনিল বৰা,সম্পাদক ভাস্কৰ দাস, সহকাৰী সম্পাদক দিব্যজ্যোতি বৰা, সাংস্কৃতিক সম্পাদক পবিত্ৰ…

Read More...

যোৱাকালিৰ পৰা সোণালী জয়ন্তী সমাৰোহ/ দৃষ্টিনন্দন চিত্ৰ-ভাস্কৰ্য, তোৰণ- মণ্ডপেৰে ছয়দুৱাৰ মহাবিদ্যালয়ত মনোমুগ্ধকৰ পৰিবেশ/

যোৱাকালিৰ পৰা সোণালী জয়ন্তী সমাৰোহ/ দৃষ্টিনন্দন চিত্ৰ-ভাস্কৰ্য, তোৰণ- মণ্ডপেৰে ছয়দুৱাৰ মহাবিদ্যালয়ত মনোমুগ্ধকৰ পৰিবেশ/   চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে কাইলৈৰ পৰা আৰম্ভ হ’ব গহপুৰ মহকুমাৰ একমাত্ৰ পূৰ্ণাংগ উচ্চ শিক্ষানুষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ। এই উপলক্ষে আটকধুনীয়াকৈ সজাই – পৰাই তোলা মহাবিদ্যালনৰ মনোমুগ্ধকৰ পৰিবেশত বিৰাজ কৰিছে উৎসৱ মুখৰ তথা উখল – মাখল পৰিবেশ। সোণালী জয়ন্তী সমাৰোহ উপলক্ষে নিৰ্মাণ কৰা অতি আকৰ্ষণীয় দুখন মূল তোৰণ আৰু মণ্ডপৰ লগতে মহাবিদ্যালয় খনৰ চৌহদত স্হাপন নিৰ্মাণ কৰা তথা অংকন কৰা চিত্ৰ-ভাস্কৰ্যৰ সমাহাৰে মহাবিদ্যালয় খনত সৃষ্টি কৰিছে এক মনোমুগ্ধকৰ পৰিবেশ। উল্লেখ যে সোণালী জয়ন্তী সমাৰোহ উপলক্ষে মহাবিদ্যালয়…

Read More...

মিছেছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা মমতা সন্দিকৈক  গৃহভূমি গহপুৰত উষ্ম আদৰণি

মিছেছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা মমতা সন্দিকৈক  গৃহভূমি গহপুৰত উষ্ম আদৰণি /     ২০১৮ বৰ্ষৰ মিছেছ ইণ্ডিয়া (ক্লাছিক)  খিতাপ অৰ্জন কৰা গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত গৰৈমাৰী গাঁৱৰ বোৱাৰী মমতা সন্দিকৈক কালি গৃহভূমি গহপুৰত উষ্ম আদৰণি জনোৱা হয়।  প্ৰবল আত্মবিশ্বাসী, মানৱ দৰদী তথা লক্ষীমপুৰ জিলাৰ হাৰমতিৰ সন্দিপনী একাডেমীৰ ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত মমতা সন্দিকৈ দ’লহাট চাহ বাগিচাৰ (লক্ষীমপুৰ) ফেক্টৰী পৰিচালক নয়ন জ্যােতি সন্দিকৈৰ পত্নী।গুৱাহাটীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত যোৱা ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে অনুষ্ঠিত হোৱা মিছেছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহন কৰি ১২০ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা…

Read More...

মাতৃৰ মৃত্যুৰ বেদনা বুকুত লৈ উকা সাজত দ্বিতীয় পৰ্যায়ৰ  গুণোৎসৱৰ স্ব মূল্যায়ণৰ পৰীক্ষাত বহিল কনমানি ছাত্ৰ দ্বীপ।

মাতৃৰ মৃত্যুৰ বেদনা বুকুত লৈ উকা সাজত দ্বিতীয় পৰ্যায়ৰ  গুণোৎসৱৰ স্ব মূল্যায়ণৰ পৰীক্ষাত বহিল কনমানি ছাত্ৰ দ্বীপ।    দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ চলি থকাৰ সময়তে হেলেম ৰাজহ চক্ৰৰ  জালুকবাৰী পঞ্চায়তৰ অৰ্ন্তগত ব্ৰহ্মাজান দানী গাঁও প্ৰাথমিক বিদ্যালয়ত আজি দেখা গ’ল এজন ছাত্ৰৰ কৰুণ দৃশ্য। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম দিনা কাৰ্যসূচী হিচাপে ব্ৰহ্মাজান দানীগাওঁ প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি সভাপতি ,সদস্য/সদস্যা,মাতৃগোটৰ সদস্যা আৰু ৰাইজৰ সহযোগত সুন্দৰ ভাৱে সম্পন্ন হয় ছাত্ৰ ছাত্ৰী সকলৰ স্বমূল্যায়ন পৰীক্ষা।উল্লেখ যোগ্য কথাটো হ’ল যে উক্ত প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ কনমানি  ছাত্ৰ ধনঞ্জয় দাসৰ পুত্ৰ  দ্বীপ দাসে নিজৰ…

Read More...

কাকপথাৰত অালফা(স্বা) ৰ লিংকমেন অাটক

কাকপথাৰত অালফা(স্বা) ৰ লিংকমেন অাটক।   কাকপথাৰ ১ নবেম্বৰ:তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অাৰু তিনিচুকীয়া অপাৰেচন চেলৰ নেতৃত্বত যোৱা এটা যুটীয়া অভিযানকাৰী দলে কালি নিশাৰ ভাগতে অালফা (স্বা)ৰ লিংকমেন লক্ষ্যজিত মৰাণক(২৩) অাটক কৰে।টঙনা মাজগাওঁৰ লক্ষ্যজিত মৰাণে গোপনে অালফা(স্বা) ত যুৱক যুৱতীক যোগদান কৰাৰ দৰে কাৰ্যত লিপ্ত হোৱাৰ কথা সদৰী কৰিছে অাৰক্ষীয়ে।সন্প্ৰতি লিংকমেনজনক অাৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।   কাকপথাৰৰ পৰা দ্বীপেন লহকৰ।

Read More...

কুমাৰীকাটাৰ লতিবাৰী পাকৰিবাৰী মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱ সম্পন্ন

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কুমাৰীকাটাৰ লতিবাৰী পাকৰিবাৰী মধ্য ইংৰাজী বিদ্যালয়ত আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ সম্পন্ন হয়। যোৱা ২০১৭ চনৰ ২০ মাৰ্চ তাৰিখে প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আয়োজন কৰা হৈছিল। যোৱা বছৰ এইখন বিদ্যালয়ৰ পৰা B গ্ৰেড পাইছিল বুলি জানিব দিয়ে বিদ্যালয়ৰ সহ: শিক্ষক নীলৰতন মণ্ডলে। ১৯৭৮ চনত স্থাপন হোৱা বিদ্যালয়ত প্ৰায় ১১০ জন ছাত্র-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত প্ৰথম দিনা ৰাতিপুৱা ৯ বজাত প্ৰাৰ্থনা ৰ লগতে শাৰিৰীক ব্যায়াম, কুইজ, মহৎ লোকৰ বাণী, পাঠ পঢ়া, ইত্যাদিৰ পৰিচালনা কৰা হয়। গুণোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসুচী…

Read More...