ধিঙত পিষ্টলসহ এজনক অাটক

নগাওঁ জিলা উপ অাৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত ধিং অাৰক্ষীয়ে অভিযানত বুধবাৰে ধিঙৰ ৰৌমাৰীৰ পৰা ইজাজুল হক নামৰ এটা দুধৰ্ষ অপৰাধীক অাটক কৰে ।   অপৰাধীটোৰ পৰা বিদেশত নিৰ্মিত এটা পিষ্টল , এটা মেগজিন অাৰু মবাইল হেণ্ডচেট উদ্ধাৰ কৰে । ইতিমধ্যে ধিং অাৰক্ষীয়ে দুধৰ্ষ অপৰাধীটোক জেৰা অব্যাহত ৰাখিছে । ধিঙত সঘনাই অত্যাধুনিক মাৰনাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Read More

অহাবাৰ যাম

অহাবাৰ যাম (এজন জোৱানৰ কবিতা, এইবাৰো দেৱালী কাটাতাৰৰ কাষতে পাতিব লগীয়া হল, ঘৰ যাব নাপালে)       ✍জিন্তু ভুঞা    আই নাকান্দিবি তই, এইবাৰো যাব নোৱাৰিম অ! বহু দিনেই হল তোম মুখ খন দেখা নাই কিন্তু কি কৰো ক! এইয়া জানো আমাৰ দায়ত্ব নহয়, মোৰ তাই জনী ভালে আছেনে? তাইকো দেখা নাই বহু দুখ লাগে, কেতিয়াবা এনে লাগে যেন চাকৰীটো এৰি গুছি যাম ঘৰলৈ একেবাৰে, কিন্তু যদি দেশ খনেই সুৰক্ষিত নহয়  তই তহত কেনেদৰে সুৰক্ষিত হবি! প্ৰতিটো পুৱাতে মন যায়  তাই হাতৰ চাহ খাবলৈ আৰু তোৰ হাতৰ কচুৰ আঞ্জা…

Read More

পৰেশ বৰুৱাৰৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰিকলৈ চাঞ্চল্য

  আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি ওলোৱা এক বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।   লুক ইষ্ট নামৰ এটা নিউজ পৰ্টেলত প্ৰকাশ পোৱা বাতৰি অনুসৰি ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে যে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা কিছুদিন পূৰ্বে চীন-ম্যানমানৰৰ সীমান্তৰ ৰুইলিত হোৱা এটা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল। পৰেশ বৰুৱাৰ আঘাত গুৰুতৰ হোৱাৰ ফলত আলফা (স্বাধীন)ৰ নেতাগৰাকীৰ মৃত্যু হৈছে। লুক ইষ্ট নামৰ নিউজ পৰ্টেলৰ বাতৰি অনুসৰি নাম প্ৰকাশত অনিচ্ছুক এজন চোৰাংচোৱা বিষয়াৰ মতে, চোৰাংচোৱা সংস্থাটোৰ হাতত পৰেশ বৰুৱাৰ দুৰ্ঘটনাৰ খবৰ আছে যদিও এই দুৰ্ঘটনাত আলফা (স্বাধীনৰ) সেনাধ্যক্ষৰ মৃত্যু হোৱা বুলি…

Read More

আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি অপপ্ৰচাৰ

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি প্ৰকাশ একাংশ সংবাদ মাধ্যমত। দুৰ্ঘটনাত পতিত হৈ পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ। এই বাতৰিক লৈ সমগ্ৰ দেশত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আলফা স্বাধীনৰ সূত্ৰ মতে, এয়া ভাৰতীয় চোৰাংচোৱাৰ অপপ্ৰচাৰ। সকলো ঠিকেই আছে বুলি দাবী আলফা স্বাধীনৰ সূত্ৰৰ। একাংশ সংবাদ মাধ্যমৰ মতে, চীন-ম্যানমাৰ সীমান্তত হৈছিল পথ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হৈ পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি দাবী। ইফালে, এই বাতৰিক বিশ্বাস নকৰো বুলি মন্তব্য কৰিছে আলফা নেতা অনুপ চেতিয়াই। যোৱা সপ্তাহত পৰেশ বৰুৱাই ফোন কৰিছিল চেতিয়াক। এনে বাতৰি মাজে-সময়ে প্ৰকাশ পাই থাকে…

Read More