বেবেজীয়াত যোগাসন প্ৰতিযোগিতা;যোগ মানৱ সমাজৰ বাবে এক ঐশ্বৰিক আশীৰ্বাদ: শিক্ষাবিদ যাদৱ চন্দ্ৰ বৰা

বেবেজীয়াত যোগাসন প্ৰতিযোগিতা;যোগ মানৱ সমাজৰ বাবে এক ঐশ্বৰিক আশীৰ্বাদ: শিক্ষাবিদ যাদৱ চন্দ্ৰ বৰা অসম খৱৰ,বেবেজীয়া, ১১ নৱেম্বৰ- ভাৰতীয় সংস্কৃতিৰ অংশ স্বৰূপ ‘যোগ’ মানৱ সমাজৰ বাবে এক ঐশ্বৰিক আশীৰ্বাদ। প্ৰাচীন কালৰেপৰা ভাৰতবৰ্ষ ত ঋষিমুনিসকলে যোগ চৰ্চাত বৰ্তী হৈছিল। বৰ্তমান সময়ত ইয়াৰ চৰ্চা সকলো লোকৰ মাজত জনপ্ৰিয় হৈ উঠিছে। যোগ চৰ্চাৰ দ্বাৰা শাৰীৰিক স্বাস্থ্যৰ উন্নতি হোৱাৰ উপৰিও মানসিক, সামাজিক, পাৰিপাৰ্শ্বিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ উন্নতি সাধন হয়”- এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ যাদৱ চন্দ্ৰ বৰাই। আজি নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়া কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নগাঁও জিলা যোগ মঞ্চৰ উদ্যোগত আৰু স্বাস্থ্য…

Read More

বেবেজীয়াত অগপৰ নিৰ্বাচনী ৰণডংকা; অসমীয়াক ৰক্ষা কৰিবলৈ হলে অগপ দলৰ বিকল্প নাই:প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰা

বেবেজীয়াত অগপৰ নিৰ্বাচনী ৰণডংকা; অসমীয়াক ৰক্ষা কৰিবলৈ হলে অগপ দলৰ বিকল্প নাই:প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰা অসম খৱৰ,বেবেজীয়া, ১১ নবেম্বৰ : আসন্ন পঞ্চায়ত নিৰ্বাচনক লৈ চৰকাৰৰ সহযোগী দল অসম গণ পৰিষদ দলে নগাঁও জিলাৰ বেবেজীয়াত ব্যাপক কুচকাৱাচ আৰম্ভ কৰিছে। নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজীয়া অঞ্চলটো এসময়ত অগপৰ দুৰ্গ ৰূপে চিহ্নিত আছিল। বৃহত্তৰ অঞ্চলটো যোৱা ১৫ বছৰ ধৰি কংগেছ দলৰ দখলত আছিল যদিও এইবাৰ বেবেজীয়া ডিমৌ বাংঠাই গাওঁ পঞ্চায়ত টো অগপ দলে উদ্ধাৰ কৰিবৰ বাবে কঁকালত টঙালি বান্ধিছে।এই উপলক্ষে আজি বেবেজীয়াত অসম গণ পৰিষদ দলৰ বেবেজীয়া- ডিমৌ-বাংঠাই আঞ্চলিক সমিতিৰ এখনি…

Read More

চিৰাঙৰ বিজনী দহলাপাৰা ৩১ নং ৰাষ্টীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা৷ বাইক আৰোহী নিহত

চিৰাঙৰ বিজনী দহলাপাৰা ৩১ নং ৰাষ্টীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা৷ বাইক আৰোহী নিহত চিৰাঙৰ পৰা লিটন বসাক অসম খবৰ ১১ নৱেম্বৰঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দহলাপাৰাত আজি আবেলি ৪-১৫ মান বজাত চলন্ত ট্ৰাকৰ খুন্দাত বাইক আৰোহী থিতাতে নিহত হয় ৷ গুৱাহাটী মুখী এ আৰ কে ২৯৫৯ নম্বৰৰ মালবাহী ট্ৰাকখনে একে দিশত গৈ থকা এ এছ ১৫ এফ ১০৮০ নম্বৰৰ বাইক আৰোহীক পাছফালে খুন্দিয়ায় ৷ ফলত ট্ৰাকৰ চকাত পৰাত লোকজনৰ মূৰৰ ওপৰেৰে যোৱাত থিতাতে নিহত হয় ৷ যানিব পৰা মতে বিজুতি ঘটা ট্ৰাকখনো পথৰ ওপৰত…

Read More

জাজৰিৰ বগৰিগুৰি- ভালুকমাৰীত ৭ টাকৈ অবৈধ চুলাইৰ ঘাটি উচ্ছেদ

জাজৰিৰ বগৰিগুৰি- ভালুকমাৰীত ৭ টাকৈ অবৈধ চুলাইৰ ঘাটি উচ্ছেদ         অসম খৱৰ, বেবেজীয়া::::নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অধীনস্থ বগৰিগুৰি আৰু ভালুকমাৰী অঞ্চলত একাংশই অবৈধ চুলাই মদৰ ঘাটি পাতি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বহু লোকক। এই সন্দৰ্ভত জাজৰি আৰক্ষীয়ে লাভ কৰা অভিযোগৰ ভিত্তিত আজি এই অঞ্চল দুটাত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই ৭ টাকৈ অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়।  লগতে ঘাটিসমূহত অবৈধ ভাবে প্ৰস্তুত কৰি ৰখা বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰে জাজৰি আৰক্ষীয়ে। অৱশ্যে, আৰক্ষীৰ অভিযানৰ খবৰ পাই চুলাই ঘাটি চলাই…

Read More

গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৮ ৰ অধীনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ৰাইডঙীয়াত কৃষক সমাৰোহ আৰু কৃষি প্ৰদৰ্শনী

গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৮ ৰ অধীনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ৰাইডঙীয়াত কৃষক সমাৰোহ আৰু কৃষি প্ৰদৰ্শনী     অসম খৱৰ,বেবেজীয়া,১১ নৱেম্বৰ: অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনী, নগাঁৱৰ তত্বাৱধানত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৮ ৰ অধীনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা শনিবাৰে ৰাইডঙীয়াত কৃষক সমাৰোহ আৰু কৃষি প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। ৰাইডঙীয়া ৰাজহুৱা মঞ্চত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক সমাৰোহ আৰু কৃষি প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্বত কৰে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ প্ৰদীপ কুমাৰ দাসে। কৃষি ছাত্ৰ মানস প্ৰতীম চেতিয়াই আঁত ধৰা অনুষ্ঠানটিত সন্মানীয় অতিথি…

Read More

নগাঁৱৰ তিনি বৰেণ্য নাট্যকৰ্মীৰ সোঁৱৰণত জিলা পুথিভঁড়ালত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নগাঁৱৰ তিনি বৰেণ্য নাট্যকৰ্মীৰ সোঁৱৰণত জিলা পুথিভঁড়ালত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান          অসম খৱৰ,বেবেজীয়া:::নগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন ইউ টাৰ্ণৰ উদ্যোগত মুকুটমনি ফাউণ্ডেচন অাৰু শিল্পচৰ্চাৰ সহযোগত তিনিজন বিশিষ্ট নাট্য সংগঠক,নাট্যকাৰ তথা সংস্কৃতিপ্ৰাণ ব্যক্তি,অভিনেতা ক্ৰমে প্ৰয়াত মুকুটমনি শইকীয়া,গুন মহন্ত আৰু দীপ শৰ্মাক সোঁৱৰণত শনিবাৰে নগাঁও জিলা পুথিভঁড়ালত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ অাৰম্ভনিতে তিনিওগৰাকী বৰেণ্য নাট্যকৰ্মীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে মাল্য প্ৰদান কৰে ক্ৰমে পূণ্যদা বৰা, অপুৰ্ব্ব ভূঞা, লখিমী মহন্ত, নৌচাদ অাখতাৰ হাজৰিকা। সন্ধ্যা তিনিওজন শিল্পীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি প্ৰয়াত দীপ শৰ্মাৰ দ্বাৰা ৰচিত বিশিষ্ট নাট্যকাৰ ,পৰিচালক অজিত…

Read More

নগাঁৱৰ গেদাৰবড়ী শৰীৰ চৰ্চা কেন্দ্ৰৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

নগাঁৱৰ গেদাৰবড়ী শৰীৰ চৰ্চা কেন্দ্ৰৰ বাৰ্ষিক অধিৱেশন সম্পন্ন        অসম খৱৰ,বেবেজীয়া::::”এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ সৃষ্টি কৰে” –এই বাক্যশাৰী সাৰোগত কৰি নগাঁৱৰ ২ নং গেদাৰবড়িত বিগত ৩৯ বছৰে চলি অাছে এটি শৰীৰ চৰ্চা কেন্দ্ৰ। নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ২ নং গেদাৰবড়িত বিগত বছৰৰ দৰে এই বছৰো শৰীৰ চৰ্চা কেন্দ্ৰটিৰ বাৰ্ষিক অধিবেশনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে উদযাপন কৰা হয়। শনিবাৰে অন্তিম দিনাৰ কাৰ্যসূচীৰ অংশৰূপে পুৱা ভাগত এক বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়। ইয়াৰ পাছতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অসমীয়া বোলছবি জগতৰ…

Read More

মাৰ্ঘেৰিটা সমষ্টিৰ কৈলাশপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গণ সমাবেশ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ গাওঁত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত কৈলাশপুৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন অাৰু স্থানীয় সচেতন নাগৰিকৰ উদ্যোগত গাওঁখনৰ পঞ্চায়ত প্ৰাংগনত গণ সমাবেশৰ অায়োজন কৰে । বলিন চাংমাইৰ পৌৰহিত্যত অাৰু কেশৱ দত্তৰ পৰিচালনাত অায়োজন কৰা গণ সভাত মটক যুৱ ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ মূখ্য উপদেষ্টা উদয় শংকৰ মহন,অাটাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোঁহাই,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহ:সম্পাদক দিগন্ত শইকীয়া,মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ দিগন্ত নেওগ,অাদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক শিৱ তাঁতী অাৰু প্ৰাক্তন ছাত্ৰ নেতা ৰনজিৎ দহোতীয়া উপস্থিত থাকে। অামন্ত্ৰিত…

Read More

চকলাঘাটত ফুটবল টুৰ্ণামেন্টৰ সামৰণি

চকলাঘাটত ফুটবল টুৰ্ণামেন্টৰ সামৰণি, ভোমোৰাগুৰি ক্ৰীড়া একাদশ চেম্পিয়ন; দহগৰাকীকৈ প্ৰবীণ খেলুৱৈক সম্বৰ্ধনা*         অসম খৱৰ,বেবেজীয়া, ১১ নৱেম্বৰ-   নগাঁও জিলাৰ চকলাঘাট আঞ্চলিক ক্ৰীড়া  সন্থাৰ উদ্যোগত আয়োজিত স্বৰ্গীয় দীনকান্ত বৰা, হেমকান্ত ভূঁঞা, মহেশ্বৰী ভূঁঞা সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰিছে।চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত প্ৰতিযোগিতা ৰ ফাইনেল খেলখনিত ভোমোৰাগুৰি ক্ৰীড়া একাদশে শ্বাইনছ এণ্ড ক্ৰিয়েচন থলুৱা এফ.চি ক ১-০ গ’লৰ ব্যৱধানত পৰাভূত কৰি চেম্পিয়ন হয়। সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক মেচখনিত ভোমোৰাগুৰি ক্ৰীড়া একাদশৰ হৈ সমৰজ্যোতি বৰদলৈয়ে দ্বিতীয়াৰ্ধৰ ষষ্ঠ মিনিটত দিয়া একমাত্ৰ গ’লেৰে বিজয়…

Read More

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ – প্ৰবীন অভিনেতা – গীতিকাৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ   বিয়োগ 

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ – প্ৰবীন অভিনেতা – গীতিকাৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ   বিয়োগ        অসম খৱৰ,বেবেজীয়া,১১ নবেম্বৰ  :   নগাঁও জিলাৰ  চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ , প্ৰবীন অভিনেতা , গীতিকাৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী (৭৩) ৰ  শনিবাৰে পুৱা ১১  বজাত আকস্মিক বিয়োগ ঘটে  ৷  জানিব পৰা মতে নগাঁও  চহৰৰ লাওখোৱা ৰোডৰ নন্দনপুৰৰ নিবাসী চক্ৰৱৰ্তীয়ে শনিবাৰে পুৱা ৯ মান বজাত হঠাৎ  শ্বাস- প্ৰস্বাসত অসুবিধা পোৱাত লগে লগে তেঁওক স্থানীয় এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্ত্তি কৰোৱা হয় যদিও তাৰ কিছু সময়ৰ পাছতেই হৃদক্ৰীয়াত আক্ৰান্ত হৈ তেঁওৰ মৃত্যু হয় ৷ নগাঁৱৰ…

Read More

গহপুৰ জিলা মইনা পাৰিজাতৰ প্ৰথম দ্বি-বাৰ্ষিক শিশু সমাৰোহৰ

  দেওবাৰে দিনৰ ২ বজাত গোপালপুৰৰ শিক্ষক ভৱনত ২০১৬ চনত গঠন হোৱা গহপুৰ জিলা মইনা পাৰিজাতৰ প্ৰথম দ্বি-বাৰ্ষিক শিশু সমাৰোহৰ উদযাপন সমিতিৰ সভাপতি মিনেশ্বৰ বৰাৰ সভাপতিত্বত এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । সভা খনৰ উদ্দেশ্য ব‍্যাখ‍্যা কৰে উদযাপন সমিতিৰ সম্পাদক নৱজিত নেওগে। দেওবাৰে অনুষ্ঠিত হোৱা সভাত গহপুৰ জিলা প্ৰথম দ্বি-বাৰ্ষিক সমাৰোহৰ খনি অনুষ্ঠিত কৰে । উক্ত সভাত আলোচনা মৰ্মে গহপুৰ জিলা শিশু সমাৰোহ খনি গোপালপুৰ নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত পতা কথা সিদ্ধান্ত কৰিলে । সমাৰোহ খনি চলাই নিবৰ বাবে এখন আদৰণি সমিতি গঠন কৰি দিছে গহপুৰ জিলা আৰু গহপুৰ…

Read More

নাগশংকৰত বিজেপি নেতাৰ কংগ্ৰেছত যোগদান

উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা বিজেপি নেতা কৃষ্ণ ঘাটোৱাৰে কংগ্ৰেছ দলত যোগদান কৰে৷ যোৱা শুকুৰবাৰে চতিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ উপস্থিতিত ঘাটোৱাৰৰ লগতে বিজেপিৰ একাংশ দলীয় কৰ্মীয়েও কংগ্ৰেছ দলত যোগদান কৰে৷ আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কৃষ্ণ ঘাটোৱাৰে জিলা পৰিষদ নতুবা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে বুলি এক প্ৰেছ বিবৃতিৰ যোগে উত্তৰ নাগশংকৰ মণ্ডল কংগ্ৰেছ কমিতিৰ সভাপতি মঃ চামচিৰ আলমে জানিবলৈ দিয়ে৷  

Read More

কোন দিশে ৰাজ্যৰ শাসন ব্যৱস্থা ? ধোঁৱাচাঙত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছতাৰ শ্লোগান, প্ৰসহনত বিহালীৰ এখন গাঁৱৰ

দুই নাওঁ দুই ভৰি দি বিপদত পৰা বিহালী এখন গাঁও, ধোঁৱাচাঙত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছতাৰ শ্লোগান। এফালে ৰাজ্য চৰকাৰৰ মিছন হান্দ্ৰেড আনফালে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ। মোডী চৰকাৰৰ স্বচ্ছতা অভিযানৰ ছাঁটোও নপৰা বিহালী মিলপুৰ গাঁৱৰ কথাকে আমি উল্লেখ কৰিব বিচাৰিছোঁ। জীয়াই থকাৰ মৌলিক অধিকাৰক উপেক্ষা কৰিছে জনপ্ৰতিনিধিয়ে। এইখন গাঁৱত নাই কোনো সুচল বাট পথ। স্বচ্ছতা এক পৰিহাস ৷ ধোঁৱাচাঙলৈ পৰিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত মিছনৰ সপোন ৷ যি সময়ত ৰাজ্য চৰকাৰে মিছন হান্দ্ৰেড আচঁনিৰ জড়িয়তে ১১১ খন বিশুদ্ধ খোৱা পানী যোগান আচঁনিৰে কোটি কোটি টকাৰ…

Read More

কাকপথাৰত অালফা(স্বা)ৰ লিংকমেন অাটক

তিনিচুকীয়া জিলাৰ কাকপথাৰত অালফা(স্বা)ৰ লিংকমেন অাটক। সেনাৰ পাঞ্জাৱ ৰেজিমেণ্টৰ কাকপথাৰ সেনা চাউনিৰ দলে অাজি ১নং বৰালী গাওঁৰ পৰা মনিকান্ত বৰা (১৮) নামৰ লিংমেনজনক অাটক কৰে। লিংকমেনজনৰ পৰা চাৰিখন অালফা(স্বা)ৰ ধনদাবী পত্ৰ অাৰু এটা মোবাইল জব্দ কৰে অাৰক্ষীয়ে।

Read More

ত্ৰিছ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু অষ্টাশী সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিবেশনৰ আদৰণি সমিতি, লাইখুটা স্থাপন

মাজত মাথো দুটা মাহ৷ মুঠ চাৰিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে ফ্ৰেৱুৱাৰী মাহৰ ৬,৭,৮ আৰু ৯ তাৰিখৰ পৰা অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিবেশনৰ আজি লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে সংঘৰ প্ৰধান পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই৷ প্ৰধান পদাধিকাৰ গৰাকীয়ে আনুষ্ঠানিকভাৱে লাইফুটা স্থাপন কৰাৰ লগে লগে মৰিগাঁও সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে৷ পদাধিকাৰ গৰাকীয়ে গুৰুজনাই দি যোৱা আদৰ্শৰে আগবাঢ়ি যাব বুলি মত প্ৰকাশ কৰে৷ ইফালে লাইখুটা স্থাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, যুৱমন্ত্ৰী পীয়ূষ…

Read More