ৰণ শিঙা বাজিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্ব যুঁজৰ

আৰম্ভ হ’ল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ মনোনয়ণ পত্ৰ দাখিল প্ৰক্ৰিয়া।নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া দুটা দিনৰ আজি প্ৰথমদিনা দেখা গ’ল প্ৰতিটো দলৰে প্ৰাৰ্থী সকলৰ হাতত একোটাকৈ ধুনীয়া ফাইলসহ ভুৰবন্ধা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত।এই ফাইলতে নিজৰ নিজৰ নথিপত্ৰ লৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত দাখিল কৰিব নিজৰ নিজৰ মনোনয়ণ পত্ৰ । অগপ,বিজেপি,কংগ্ৰেছ,আৰু অন্যান্য প্ৰাৰ্থীৰ তৎপৰতা লগতে দেখা গ’ল কাৰ্যালয়ৰ কৰ্মচাৰীৰ ব্যস্ততা।এই ক্ষেত্ৰত আমি ভূৰবন্ধাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অতুল বৰুৱাক আমাৰ সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ আমাৰ সাংবাদিকক জনাই যে আজি দিনটোত কিছু কিছু লোকে মনোনয়ন পত্ৰ জমা কৰে যদিও কাইলৈ অধিক ভিৰ হোৱা…

Read More

শিশু দিৱস উপলক্ষে জনকল্যাণ মাদ্ৰাছাত ইঞ্জিনীয়াৰ তাছেৰ আলী শেখ

“আমাৰ সমাজৰ সকলোৱে শিক্ষাৰ প্ৰতি আগ্ৰহী হ’ব লাগিব। সমাজ প্ৰকৃতাৰ্থত উন্নত কৰিবলৈ হ’লে সমাজটোৰ সকলোৱে উচ্চ শিক্ষাৰ প্ৰতি ধ্যান দিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগীতামূলক উৎসুকতাৰে অৱতীৰ্ণ হৈ নিজৰ লগতে সমাজকো নেতৃত্ব দিবপৰা হ’ব লাগিব।” এই মন্তব্য শিমুলটাপু জন-কল্যাণ এম.ই মাদ্ৰাছাৰ শিশু দিৱস উদযাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অৰুনাচল প্ৰদেশৰ ইটানগৰস্থিত নৰ্থ ইষ্ট ৰেজিওনেল ইনিষ্টিটিউট অৱ চায়েঞ্চ এণ্ড টেকন’লোজী চমুকৈ নেৰিষ্ট’ৰ গৱেষক ইঞ্জিনীয়াৰ তথা ‘ভাৰত ৰত্ন মাদাৰ টেৰেছা সোণৰ পদক বটা’ বিজয়ী তাছেৰ আলী শেখৰ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে আয়োজনৰ প্ৰতি সংগতি ৰাখি…

Read More