শিৱসাগৰত বিজেপিৰ জালিয়াতি,ভুৱা প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল

পঞ্চায়ত নিৰ্বাচনত ভুৱা শিক্ষাগত প্ৰমাণ পত্ৰৰে গাঁও পঞ্চায়ত সভানেত্ৰীৰ পদত মনোনয়ন দাখিল বিজেপি নেত্ৰীৰ ৷ শিৱসাগৰ বিধান সভা সমষ্টিৰ লাচিত পঞ্চায়তৰ বিজেপি দলৰ প্ৰাৰ্থী কল্পনা চাংমাই গগৈয়ে মনোনয়নত দাখিল কৰে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ভুৱা প্ৰমাণ পত্ৰ ৷ মহিলা হৈ বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ন হোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে ৷ বিদ্যালয় কৰ্তৃপক্ষই স্পষ্ট কৰিছে নথি ভুৱা বুলি। ইফালে এই ভুৱা নথিৰে মনোনয়ন দাখিল সম্পৰ্কত সংবাদ মাধ্যমৰ পৰা আতৰি থাকে বিজেপিৰ জিলা সভাপতি ভবেন মহন ৷ শাসকীয় দলটোৰ এনে জালিয়াতিক কেন্দ্ৰ কৰি…

Read More