নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দেৰগাঁৱত আটছাৰ জোঁৰ সমদল

জাতি ধ্বংসী নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি সোম বাৰে সন্ধিয়া অসম চাহ জনজাতি ছাত্র সন্থা (আটছা)ই নেঘেৰিটিং উপ-শাখাৰ উদ্যোগত নেঘেৰিটিং প্ৰাথমিক গোট আৰু বালিজান প্ৰাথমিক গোটৰ সহযোগত নেঘেৰিটিং চাৰি আলিৰ পৰা বালিজানৰলৈকে দুই শতাধিক যুৱকে জোঁৰ লৈ সমদল কৰে । এই জোঁৰ সমদলত ঘাইকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা আৰু অসমৰ চাহ নিগমৰ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা আৰু চাহ শ্ৰমিকৰ জলন্ত সমস্যা সমাধানৰ কৰাৰ দাবীত এই জোঁৰ সমদল কৰা হয় । অসম চাহ জনজাতি ছাত্র সন্থাৰ (আটছা)গোলাঘাট জিলা সমিতিৰ সম্পাদক জয়ন্ত কৰ্মী , গোলাঘাট জিলা সমিতিৰ শিক্ষা…

Read More...