খনামুখ – তেজপুৰ সংযোগী পথৰ দুৰৱস্থা

 শোণিতপুৰ জিলাৰ অধিনস্থ ৰঙাপাৰা আৰু তেজপুৰ সমষ্টিৰ সংযোগী খনামুখ হৈ তেজপুৰ বিশ্ববিদ্যালয় হৈ তেজপুৰৰ পৰোৱা চাৰিআলিত ওলোৱা এই পথ ছোৱা অতি স্পৰ্শকাতৰ হৈ আছে ৷ ৰাজ্যৰ গড়কাপ্তানি বিভাগে এই পথছোৱা মাজে সময়ে মেৰামতি কৰে বুলি সাধাৰণ ৰাইজে কৈছে যদিও সেই পথ দীৰ্ঘস্থায়ী নহয় আৰু বাৰিষা অহা লগে লগে ৰাইজে অহাযোৱা এই পথছোৱাৰ বাবে জীয়াতু ভুগিব লগীয়া হয় ৷ গতিকে চৰকাৰ খনক ৰাইজে এই পথছোৱা অতি সোনকালে মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা সুগম কৰি তুলিবলৈ দাবী জনাইছে।

Read More

SBI আৰছেটিৰ সৌজন্যত বিনামূলীয়া মোবাইল ৰিপাইৰিং প্ৰশিক্ষণ শিবিৰৰ সামৰণি

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত SBI আৰছেটিৰ সৌজন্যত যোৱা ২৭-১০-২০১৮ ইং তাৰিখৰ পৰা আৰম্ভ হোৱা বিনামূলীয়া মোবাইল ৰিপাইৰিং প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে । SBI আৰছেটিৰ সঞ্চালক শ্ৰীযুত নৰকান্ত ৰাভা আৰু Training faculty পংকজ কুমাৰ ৰাভাই উক্ত ট্ৰেইনিংখন সুচাৰুৰূপে চলাই নিয়ে। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত ২৯ জন প্ৰশিক্ষাৰ্থীক প্ৰ-পত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত গুৱাহাটী জনসেৱা চচাইটিৰ Field co-ordinator ফুলেন তালুকদাৰ, শালবাৰি এন.জি.অ ৰ পৰা কনক লাল মহিলাৰী আৰু টাইবুদ্দিন আহমেদ ৰ লগতে উক্ত ট্ৰেইনিংখনত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে।

Read More