ওদালগুৰিত ৰেলত বোমা বিস্ফোৰণ, আহত ২ জন

ওদালগুৰিৰ হৰিশিঙাত ৰে’লত বোমা বিস্ফোৰণ। কামাখ্যা-ডেকাৰগাঁও ইণ্টাৰচিটী ১৫৮১৫নং ৰে’লখনৰ ৪নং ডবাত সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণত ২জন লোক আহত। আহত এজনৰ নাম ৰাহুল দাস। পূৰ্বৰে পৰা ৰে’লত বোমাটো সংস্থাপন কৰাৰ সন্দেহ। হৰিশিঙাত আৱদ্ধ হৈ আছে ৰে’লখন। DIG অনুৰাগ আগৰৱালাৰ নেতৃত্বত ঘটনাস্থলীলৈ ৰাওনা আৰক্ষীৰ বৃহত্‍ দল।

Read More

ডিব্ৰুগড় জিলাৰ ১১৫ নং মৰাণ বিধানসভা সমষ্টি অন্তৰ্গত নাহৰণি পঞ্চায়তত অসম গণ পৰিষদৰ শক্তিশালী স্থিতি

সমগ্ৰ ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতৰ । ১১৫নং মৰাণ বিধানসভা সমষ্টি অন্তৰ্গত নাহৰণি পঞ্চায়তত এই বাৰ আগৰ তুলনাত অসম গণ পৰিষদৰ যথেষ্ট শক্তিশালী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। নাহৰণি পঞ্চায়ত আগৰ কংগ্ৰেছৰ অধীনত আছিল যদিও বহু কৰ্মত দুৰ্নীতিৰ কথা পোহৰলৈ আহিছিল। বিভিন্ন জনৰ ইন্দিৰা গান্ধী অৱাস যোজনা অধীনত পোৱা গৃহ নামত দুৰ্নীতি হৈছিল। নাহৰণি পঞ্চায়তত বিজেপি ভেটী আগৰ পৰাই দুৰ্বল। এইবাৰো বিজেপি দলটো স্থিতি দুৰ্বল। নাহৰণি পঞ্চায়তত বিজেপি দলটোৰ জিলা পৰিষদ প্ৰাৰ্থী শ্ৰীমতী মামু হাজৰিকা, সভাপতি কলপেন্দ্ৰ কোঁৱৰ আৰু সদস্যা ৰাজশ্ৰী শ‌ইকীয়াই প্ৰতিদ্বন্দিতা আগবঢ়াইছে। অসম গণ পৰিষদৰ হৈ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে…

Read More