পুৱাৰ পৰা আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ-ভোটগ্ৰহণ কেন্দ্ৰত ৰাইজৰ ভিৰ-নতুন ভোটাৰৰ উৎসাহ-আকৌ পৰিৱৰ্তনৰ মনোভাৱ ভোটাৰৰ

আজি পঞ্চায়ত নিৰ্বাচন ২০১৮ৰ ভোট গ্ৰহণ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো ভোটাৰৰ উৎসাহ।নিজ গাওঁ-অঞ্চলৰ উন্নয়ণৰ বাবে ৰাইজে আজি নিৰ্বাচন কৰিব মনঃপুত প্ৰাৰ্থীক।শিৱসাগৰ নিৰ্বাচন জিলাৰ ২০২৭ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি। শিৱসাগৰ নিৰ্বাচন জিলাৰ ১৩ জিলা পৰিষদ,৪ আঞ্চলিক পঞ্চায়ত,৬২ গাওঁ পঞ্চায়ত আৰু ৬২০ ৱাৰ্ডৰ বাবে বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।২০২৭ প্ৰাৰ্থীৰ ভিতৰত ৩৯৮ গৰাকী অগপ,৭৪৪ বিজেপি,৭৫২ কংগ্ৰেছ,১০ চিপিআই,৬ অসম সংগ্ৰামী মঞ্চ,৩৪ সন্মিলীত গণশক্তী আৰু ৩৭ নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। শিৱসাগৰ নিৰ্বাচন জিলাৰ ৩,৪৩,৩৪৫ ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভৱিষ্যত আজি নিৰ্ণয় কৰিব।৩,৭৫৬ বিষয়া-কৰ্মচাৰীয়ে সম্পন্ন কৰিব লগীয়া এই নিৰ্বাচনত ব্যাপক হাৰত ভোটগ্ৰহণ…

Read More...