বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীত পথ দুৰ্ঘটনা

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীত পথ দুৰ্ঘটনা। বাইক আৰু ডি আইৰ মুখামুখিৰ ফলত এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত দুজন যুৱক গুৰুতৰ ভাৱে আহত। আহত যুৱক দুজন লৱ আৰ্য্য (২৪), আৰু অধীৰ আৰ্য্য (২৩)। আহত লোক দুজন বেলখুটিৰ বুলি জানিব দিয়ে। স্থানীয় লোকে কুমাৰীকাটা আৰক্ষীক খবৰ দিয়ে আৰু লগে লগে ঘটনা স্থলীত উপস্থিত হয় আৰু আৰক্ষীয়ে সোধা পোচা কৰে। স্থানীয় লোকৰ দ্বাৰা কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয় লৈ অনা হয় আৰু কুমাৰীকাটাৰ চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি গুৱাহাটী জি এম চি লৈ প্ৰেৰণ কৰে।

Read More

উদ্বোধনৰ প্ৰাকক্ষণত বগীবিল দলং উৰুৱাই দিয়াৰ পৰিকল্পনা আলফা স্বাধীনৰ !

বিস্ফোৰক সামগ্ৰীসহ সোণাৰিত আটক আলফাৰ লিংক মেন উদ্বোধনৰ প্ৰাকক্ষণত বগীবিল দলং উৰুৱাই দিয়াৰ পৰিকল্পনা আলফা স্বাধীনৰ ! চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক জিৎমল দলেৰ নেতৃত্বত ১৪৯ চি আৰ পি এফ ২৪৪ ৰেজিমেণ্ট আৰু ভাৰতীয় সেনাৰ সহযোগত চলা অভিযানত চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বালিজান গ্ৰাণ্টৰ পৰা আৰক্ষী আৰু চি আৰ পি এফে এজন আলফাৰ লিংকমেন আটক কৰে। দ্বীপ আৰন্ধৰা ওৰফে মদন নামৰ আলফা স্বাধীনৰ লিংকমেনজনৰ পৰা উদ্ধাৰ কৰা হয় ২ কেজি ওজনৰ বিস্ফোৰক আৰ ডি এক্স, এটা ফিউজ মিটাৰ, দুটা নন-ইলেক্ট্ৰ’নিক ডিটনেটৰ, এটা পইণ্ট ২.২ পিষ্টল আৰু তিনি জাঁই সজীৱ গুলী। বগীবিল…

Read More