সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যলৈ ফোন গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ

  নাগৰিকত্ব বিধেয়কৰ বাতিলৰ দাবীত অটল অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক নিৰৱচ্ছিন্ন প্ৰতিবা দৰ মাজতে বিষয়টো আলোচনাৰ জৰিয়তে মীমাংসাৰ বাবে সমুজ্জ্বল ভট্টাচাৰ্য্যক ফোনযোগে প্ৰস্তাৱ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে। কিন্তু ৰাজনাথ সিঙৰ প্ৰস্তাৱৰ বিপৰীতে বিধেয়কখন বাতিলৰ দাবীতহে অটল থকাৰ কথা জনাই দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। “অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, অসম চুক্তিক উলংঘা কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিল যিকোনো প্ৰকাৰে বাতিল হ’বই লাগিব,” সিঙক এই কথা জনোৱা বুলি শুকুৰবাৰে চহিদ ন্যাসত আয়োজিত সংবাদমেলত সদৰী কৰে ভট্টাচাৰ্য্যই। ভট্টাচাৰ্য্যই লগতে কয় যে ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত সম্পাদিত ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ জৰিয়তেহে জলন্ত বিদেশী…

Read More

ভোগালীত কাজিৰঙাৰ বনকৰ্মীলৈ উদ্যান কৰ্তৃপক্ষৰ পৰা চিৰা পিঠা আৰু ক্ৰীমৰ টোপোলা

    ভোগালীত কাজিৰঙাৰ বনকৰ্মীলৈ উদ্যান কৰ্তৃপক্ষৰ পৰা চিৰা পিঠা আৰু ক্ৰীমৰ টোপোলা   আজি ভোগালীৰ উৰুকা ৷ সমগ্ৰ ৰাজ্য চাৰিওফালে উখল মাখল পৰিৱেশ ।মাঘ মানে ভোগ সকলোৱে আজি নিশা এসাঁজ ভাল কৈ খাব মিলিজুলি । এই ভোগৰ বিহু পৰা পৰিয়ালৰ মাজত উপভোগ কৰিব নাপায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মী সকলৰ গাত । এই ভোগৰ পৰা বঞ্চিত থকা বন কৰ্মী  সকলক আজি দেখা গ’ল । আনন্দৰ উৎসৱ । ভোগালীৰ আনন্দত ৰাজ্যবাসী ব্যস্ত হৈ থকাৰ সময়ত কাজিৰঙাৰ গভীৰ অৰণ্যত জাতীয় সম্পদ গঁড়ৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাত ব্যস্ত হৈ আছে বনকৰ্মীসকল ৷ ভোগলী…

Read More

জামুগুৰিহাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ-ছাত্ৰৰ মুণ্ডনৰে প্ৰতিবাদ, অসম জ্বলোৱাৰ হুংকাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়ত জামুগুৰিহাতটো বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷আজি জামুগুৰিহাটৰ ব্যৱসায়ীক কেন্দ্ৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জামুগুৰি আঞ্চলিক সমিতিয়ে সমুহীয়া মুণ্ডনৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মুণ্ডন কাৰ্যসুচীত অংশগ্ৰহণ কৰি যুৱ-ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি প্ৰকাশ শইকীয়াই কয় কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব ৷ সময় থাকোতেই চৰকাৰে বিধেয়ক বাতিল কৰক ৷অন্যথা অসম জ্বলি যাব ৷ যুৱ-ছাত্ৰৰ এই প্ৰতিবাদী কাৰ্যসুচীত মুণ্ডন কাৰ্যসুচীত অংশ গ্ৰহণ কৰে যুৱ-ছাত্ৰৰ জামুগুৰি আঞ্চলিকৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰা ,উপসভাপতি সঞ্জীৱ দাস উপদেষ্টা বিশ্বজিৎ…

Read More

অসম আৰক্ষীত ব্যাপক সালসলনি

৪৯ গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি। অসম আৰক্ষীৰ পূব মণ্ডলৰ জি আই জিলৈ কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ডিএছপি গাঞ্জাৱালাক পদোন্নতি। শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ ডি আই জি (নিৰাপত্তা) পদলৈ বদলি। বিটিএডিৰ ডি আই জি পদলৈ সত্যজিত হাজৰিকাক পদোন্নতি। শ্যামলপ্ৰসাদ শইকীয়াক গৃহৰক্ষী বিভাগৰ ডি আই জি পদলৈ পদোন্নতি। এম আই মণ্ডলক দুৰ্নীতি নিবাৰকৰ ডি আই জি পদলৈ পদোন্নতি। লুইছ আইন্দক ডি আই জি (এন ই আৰ) পদলৈ পদোন্নতি। আইনুল হকক আইন–শৃংখলাৰ ডি আই জি পদলৈ পদোন্নতি। আবু ছোফিয়ানক ৰে’লৱেৰ ডি আই জি পদলৈ পদোন্নতি। ডি আই জি দেৱৰাজ উপাধ্যায়ক গুৱাহাটীৰ…

Read More

বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে উকীল সন্থাৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধীতা কৰি আজি বিশ্বনাথৰ উকীল সন্থাই এক প্ৰতিবাদী কাৰ্যাসূচী ৰূপায়ন কৰে। সমগ্র অসমৰ লগতে আজি কৰ্মবিৰতিৰ আৰু সমদলৰ জড়িয়তে উকীল সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব বিল বাতিল কৰক, অবৈধ বাংলাদেশী হাই হাই, আদি শ্ল’গানে উত্তাল কৰি তুলে বিশ্বনাথৰ উকীল সন্থা কাৰ্যালয় । বিশ্বনাথৰ উকীল সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কায্যসূচী জড়িয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতা কৰি প্ৰয়োজনত হ’লে বিধেয়ক খনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপা লগতে সময়ত আইন অমান্য আন্দোলন গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে বিশ্বনাথ উকীল সন্থাই।  

Read More

অৱশেষত মুকলি আকাশৰ তলত টিমনহাবি চাহ বাগিচাৰ পৰিচালক

অৱশেষত মুকলি আকাশৰ তললৈ আহিল চৰাইদেউ জিলাৰ টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱা। সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বাধীন )য়ে মুকলি কৰি দিলে বৰুৱাক। আৰক্ষীসূত্ৰে জানিব পৰা মতে নগালেণ্ডৰ লুংগুৱাবস্তিত আলফাই মুকলি কৰি দিয়া বৰুৱা বৰ্তমান আছাম ৰাইফলচ জিন্মাত আছে সুধা-পোছাৰ বাবে। ইতিমধ্যে এই সন্দৰ্ভত পত্নীক ফোনযোগে মুক্তি পোৱাৰ খবৰ অপহৃত বৰুৱাই নিজে দিয়াৰ পাছত সোণাৰি আৰক্ষীৰ লগত পৰিয়ালৰ লোকসকল বৰুৱাক নগালেণ্ডৰ পৰা আনিবলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। মনকৰিবলগীয়া যে বিগত কিছুদিন ধৰি টিমনহাবি চাহ বাগিচাত বিৰাজ কৰিছিল নিমাওমাও পৰিৱেশে, স্তব্ধ হৈ ৰৈছিল বাগিচাৰ…

Read More

অগপৰ ৩ মন্ত্ৰী অতুল বৰা, ফণীভূষণ আৰু কেশৱ মহন্তই মুখ্যমন্ত্ৰীক দাখিল কৰিলে পদত্যাগ পত্ৰ

অগপৰ ৩ মন্ত্ৰী অতুল বৰা, ফণীভূষণ আৰু কেশৱ মহন্তই মুখ্যমন্ত্ৰীক দাখিল কৰিলে পদত্যাগ পত্ৰ     বহু জল্পনা কল্পনা তথা অসমৰ ৰাইজৰ হেচাত অৱশেষত   মুখ্যমন্ত্ৰীয়ে সাক্ষাতৰ অনুমতি দিয়াৰ লগে লগে অসম গণ পৰিষদৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰিলে মুখ্য মন্ত্ৰী হাতত । গুৱাহাটীৰ বাহিৰত থকা মুখ্যমন্ত্ৰীগৰাকী দিছপুৰত প্ৰায় ৫ মান  বজাত  উপস্থিত হয় যদিও প্ৰায় ৮ মান  বজাতহে মন্ত্ৰী কেইজনক   সাক্ষাতৰ বাবে লাভ  কৰে৷ উল্লেখ্য যে,   নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ বিৰোধিতাৰে সোমবাৰে দিল্লীত কেন্দ্ৰীয়…

Read More

অগপৰ ৩ মন্ত্ৰীয়ে ত্যাগ কৰিলে চৰকাৰী বাহন, নিৰাপত্তাৰক্ষী

  অগপৰ ৩ মন্ত্ৰীয়ে ত্যাগ কৰিলে চৰকাৰী বাহন, নিৰাপত্তাৰক্ষী অগপৰ ৩ মন্ত্ৰীয়ে ত্যাগ কৰিলে চৰকাৰী বাহন, নিৰাপত্তাৰক্ষী। ব্যক্তিগত বাহন ব্যৱহাৰ কৰি বিধায়িনী দলৰ বৈঠকত উপস্থিত অগপৰ তিনি মন্ত্ৰী। মন্ত্ৰী ৩গৰাকীয়ে পদত্যাগ পত্ৰ দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ। গুৱাহাটীৰ বাহিৰত আছে মুখ্যমন্ত্ৰী সোণোৱাল। আঞ্চলিক দলটোৱে সন্ধিয়া ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত সাক্ষাতৰ সময় বিচাৰিছে যদিও এইপৰ্যন্ত সাক্ষাতৰ সময় দিয়া নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Read More

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শ্ৰেণীকোঠা এৰি ৰাজ পথত নামিল মৰাণ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী

শ্ৰেণীকোঠা এৰি ৰাজ পথত নামিল মৰাণ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী। শিক্ষাৰ্থীসকলে ক’লা বেজ পৰিধান কৰি মহাবিদ্যালয়ৰ পৰা এক তীব্ৰ প্ৰতিবাদী সমদল যাত্ৰা উলিয়ায়। বিজেপি গ’ বেগ, নৰেন্দ্ৰ মোদী গ’ বেগ, সৰ্বানন্দ সোনোৱাল গ’ বেগ,হিমন্ত বিশ্ব শৰ্মা গ’ বেগ, আৰ এছ এছ গ’ বেগ,আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বেদেশী খেদ, আদি বিভিন্ন প্ৰতিবাদী শ্ল’গান দিয়াৰ লগতে ৰাইজক ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬  বৰ্জন কৰিবলৈ আহ্বান জনায়।  

Read More

বিশ্বনাথৰ  বন বিভাগৰ নৰ্ডান ৰেঞ্জা কাৰ্যালয় লকআপত ৰহস্যজনক ভাৱে মৃত্যু  চোৰাং চিকাৰী

    পৰিয়ালৰ অভিযোগ বধ বিষয়াক তিনি লাখ টকা আৰু এখন গাড়ী দিব নোৱাৰাৰ বাবে হত্যা কৰিলে । বিশ্বনাথৰ বন সংমণ্ডল প্ৰাধিকাৰী (বন্যপ্ৰাণ সংৰক্ষণ সংমণ্ডলত ) কাৰ্যালয়ত আজি এক শোকাকূল পৰিবেশ দেখা গল মঙলবাৰে । কাৰ্যালয়টোৰ চৌদিশে কেৱল কান্দোনৰ ৰোল। এই নিষ্পাপ শিশু সকলেও এইদৰে কান্দোনত ভাগি পৰিছে।সকলোৰে হিয়া ভগা কান্দোনত মাজে মাজে মহিলা আৰক্ষীৰ টনা আজোৰা। কিন্তু কিয় জানেনে। নৰ্ডান ৰেঞ্জা কাৰ্যালয়ৰ লকআপত ৰহস্যজনক ভাবে উদ্ধাৰ হয় চোৰাং চিকাৰী মিৰ্জাদ আলীৰ মৃতদেহ দেখা গল চিপ লৈ থকা অৱস্থাত । যোৱা ২২ ডিচেম্বৰত তেজপুৰ বৰঘাট আৰক্ষীয়ে ২টা বন্দুক সহ গ্ৰেপ্তাৰ…

Read More

অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে সমগ্র অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত

    সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ টা জাতি জনগোষ্ঠীয়ে জনোৱা ১১ ঘন্টায়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে সমগ্র অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত । আছুৱে আহ্বান জনোৱা বন্ধত গুৱাহাটীৰ মহানগৰ কে ধৰি ভিন্ন ঠাইত ছাত্ৰ সন্থা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্র মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ, শিল্পী সমাজ, কে ধৰি সাধাৰণ ৰাইজ ৰাজপথত উলাই আহি ৰাছপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা গল মঙলবাৰে । ইফালে অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিল ডিব্ৰুগড়, তিনিচুকীয়া, ধিং, শিৱসাগৰ, কাকপথাৰ, গুৱাহাটীৰ, আজাৰা, নগাঁও, চিৰাঙ, ধুবুৰী,…

Read More

সৰবৰহী মহিলা পত্নী পাৰ্বতী চহৰীয়া নাথৰ বিয়োগ, অঞ্চলজুৰি শোকৰ ছাঁ

কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত দালাঙ গাঁৱৰ বালাচুবাৰ নিবাসী একালৰ কৃতি শিক্ষক তথা বিশিষ্ট সমাজসেৱী স্বৰ্গীয় বলেন্দ্ৰ কুমাৰ নাথৰ পত্নী পাৰ্বতী চহৰীয়া নাথৰ যোৱা দেওবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত স্বগৃহত পৰলোকপ্ৰাপ্তি ঘটে। বিগত অক্টোবৰ মাহৰ ২১ তাৰিখে সন্ধিয়া নিজ গৃহত হঠাতে ষ্ট্ৰোকত আক্ৰান্ত হোৱাত ততালিকে তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তাৰ পিছৰে পৰা সুদীৰ্ঘ দুমাহৰো অধিক কাল শয্যাশায়ী হৈ থকাৰ অন্তত দেওঁবাৰে পুৱতি নিশা তেখেতে শেষ নিঃশ্বাস ত্যাগ কৰে । সৰবৰহী, ধৰ্মপৰায়ণা, মৃদুভাষী সদাহাস্যময়ী তথা বিনয়ী স্বভাবৰ মহিলাগৰাকী বৃহত্তৰ দালাঙ গাঁৱৰ সকলোৰে প্ৰিয় আছিল…

Read More

অগপই মিত্ৰতা ভংগ কৰিলে বিজেপিৰ সৈতে; দিল্লীত দলৰ নেতৃত্বৰ আনুষ্ঠানিক ঘোষণা

  অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আঞ্চলিক দল অগপই আজি বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিলে।   আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদন জেপিচিয়ে সদনত দাখিল কৰাৰ পিছতে দলটোৰ দিল্লীত থকা শীৰ্ষ নেতৃত্বই এই চূড়ান্ত সিদ্ধান্তটো লয়।   দিল্লীত ৰাজনাথ সিঙৰ লগত বৈঠকৰ অন্তত মিত্ৰতা ভংগৰ কথা ঘোষণা কৰে অগপৰ নেতৃত্বই। উল্লেখযোগ্য যে আজি কেইঘণ্টামানৰ পূৰ্বে দলৰ নেতৃত্বই এই সিদ্ধান্তৰ ইংগিত দিছিল আৰু কেৱল ঘোষণাটোহে বাকী আছিল। দলটোৰ এজন শীৰ্ষ নেতা প্ৰফুল্ল কুমাৰ মহন্তই আজি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চই অনুষ্ঠিত কৰা ‘ধিক্কাৰ দিৱস’তো এই ইংগিত দিছিল। অৱশ্যে নিজেই নিশ্চিত ঘোষণাটো নিদিয়াৰ যুক্তি…

Read More

দিল্লীৰ সংসদ ভৱনৰ সন্মুখত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে উলংগ হৈ প্ৰতিবাদ

  জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে আজি নতুন দিল্লীৰ সংসদ ভৱনৰ সমীপত উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীসকলক অৱশ্যে অলপ পাছতে আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা উঠাই লৈ যায়। লোকসভাত যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে অসমৰ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে সংসদ ভৱনৰ সন্মুখতে এনেদৰে নগ্ন হৈ প্ৰতিবাদ সাৱ্যস্ত কৰা বিষয়টোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ জাতীয় দল-সংগঠনসমূহে চলাই অহা তীব্ৰ প্ৰতিবাদকো নেওচি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিধেয়কখন গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি সংগঠনকেইটাৰ প্ৰতিনিধিয়ে চৰম প্ৰতিবাদ সাৱ্যস্ত…

Read More