অগপই মিত্ৰতা ভংগ কৰিলে বিজেপিৰ সৈতে; দিল্লীত দলৰ নেতৃত্বৰ আনুষ্ঠানিক ঘোষণা

  অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আঞ্চলিক দল অগপই আজি বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিলে।   আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদন জেপিচিয়ে সদনত দাখিল কৰাৰ পিছতে দলটোৰ দিল্লীত থকা শীৰ্ষ নেতৃত্বই এই চূড়ান্ত সিদ্ধান্তটো লয়।   দিল্লীত ৰাজনাথ সিঙৰ লগত বৈঠকৰ অন্তত মিত্ৰতা ভংগৰ কথা ঘোষণা কৰে অগপৰ নেতৃত্বই। উল্লেখযোগ্য যে আজি কেইঘণ্টামানৰ পূৰ্বে দলৰ নেতৃত্বই এই সিদ্ধান্তৰ ইংগিত দিছিল আৰু কেৱল ঘোষণাটোহে বাকী আছিল। দলটোৰ এজন শীৰ্ষ নেতা প্ৰফুল্ল কুমাৰ মহন্তই আজি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চই অনুষ্ঠিত কৰা ‘ধিক্কাৰ দিৱস’তো এই ইংগিত দিছিল। অৱশ্যে নিজেই নিশ্চিত ঘোষণাটো নিদিয়াৰ যুক্তি…

Read More

দিল্লীৰ সংসদ ভৱনৰ সন্মুখত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে উলংগ হৈ প্ৰতিবাদ

  জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে আজি নতুন দিল্লীৰ সংসদ ভৱনৰ সমীপত উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীসকলক অৱশ্যে অলপ পাছতে আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা উঠাই লৈ যায়। লোকসভাত যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে অসমৰ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে সংসদ ভৱনৰ সন্মুখতে এনেদৰে নগ্ন হৈ প্ৰতিবাদ সাৱ্যস্ত কৰা বিষয়টোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ জাতীয় দল-সংগঠনসমূহে চলাই অহা তীব্ৰ প্ৰতিবাদকো নেওচি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিধেয়কখন গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি সংগঠনকেইটাৰ প্ৰতিনিধিয়ে চৰম প্ৰতিবাদ সাৱ্যস্ত…

Read More