অগপৰ ৩ মন্ত্ৰী অতুল বৰা, ফণীভূষণ আৰু কেশৱ মহন্তই মুখ্যমন্ত্ৰীক দাখিল কৰিলে পদত্যাগ পত্ৰ

অগপৰ ৩ মন্ত্ৰী অতুল বৰা, ফণীভূষণ আৰু কেশৱ মহন্তই মুখ্যমন্ত্ৰীক দাখিল কৰিলে পদত্যাগ পত্ৰ     বহু জল্পনা কল্পনা তথা অসমৰ ৰাইজৰ হেচাত অৱশেষত   মুখ্যমন্ত্ৰীয়ে সাক্ষাতৰ অনুমতি দিয়াৰ লগে লগে অসম গণ পৰিষদৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰিলে মুখ্য মন্ত্ৰী হাতত । গুৱাহাটীৰ বাহিৰত থকা মুখ্যমন্ত্ৰীগৰাকী দিছপুৰত প্ৰায় ৫ মান  বজাত  উপস্থিত হয় যদিও প্ৰায় ৮ মান  বজাতহে মন্ত্ৰী কেইজনক   সাক্ষাতৰ বাবে লাভ  কৰে৷ উল্লেখ্য যে,   নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ বিৰোধিতাৰে সোমবাৰে দিল্লীত কেন্দ্ৰীয়…

Read More

অগপৰ ৩ মন্ত্ৰীয়ে ত্যাগ কৰিলে চৰকাৰী বাহন, নিৰাপত্তাৰক্ষী

  অগপৰ ৩ মন্ত্ৰীয়ে ত্যাগ কৰিলে চৰকাৰী বাহন, নিৰাপত্তাৰক্ষী অগপৰ ৩ মন্ত্ৰীয়ে ত্যাগ কৰিলে চৰকাৰী বাহন, নিৰাপত্তাৰক্ষী। ব্যক্তিগত বাহন ব্যৱহাৰ কৰি বিধায়িনী দলৰ বৈঠকত উপস্থিত অগপৰ তিনি মন্ত্ৰী। মন্ত্ৰী ৩গৰাকীয়ে পদত্যাগ পত্ৰ দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ। গুৱাহাটীৰ বাহিৰত আছে মুখ্যমন্ত্ৰী সোণোৱাল। আঞ্চলিক দলটোৱে সন্ধিয়া ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত সাক্ষাতৰ সময় বিচাৰিছে যদিও এইপৰ্যন্ত সাক্ষাতৰ সময় দিয়া নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Read More

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শ্ৰেণীকোঠা এৰি ৰাজ পথত নামিল মৰাণ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী

শ্ৰেণীকোঠা এৰি ৰাজ পথত নামিল মৰাণ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী। শিক্ষাৰ্থীসকলে ক’লা বেজ পৰিধান কৰি মহাবিদ্যালয়ৰ পৰা এক তীব্ৰ প্ৰতিবাদী সমদল যাত্ৰা উলিয়ায়। বিজেপি গ’ বেগ, নৰেন্দ্ৰ মোদী গ’ বেগ, সৰ্বানন্দ সোনোৱাল গ’ বেগ,হিমন্ত বিশ্ব শৰ্মা গ’ বেগ, আৰ এছ এছ গ’ বেগ,আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বেদেশী খেদ, আদি বিভিন্ন প্ৰতিবাদী শ্ল’গান দিয়াৰ লগতে ৰাইজক ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬  বৰ্জন কৰিবলৈ আহ্বান জনায়।  

Read More