অসম আৰক্ষীত ব্যাপক সালসলনি

৪৯ গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি। অসম আৰক্ষীৰ পূব মণ্ডলৰ জি আই জিলৈ কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ডিএছপি গাঞ্জাৱালাক পদোন্নতি। শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ ডি আই জি (নিৰাপত্তা) পদলৈ বদলি। বিটিএডিৰ ডি আই জি পদলৈ সত্যজিত হাজৰিকাক পদোন্নতি। শ্যামলপ্ৰসাদ শইকীয়াক গৃহৰক্ষী বিভাগৰ ডি আই জি পদলৈ পদোন্নতি। এম আই মণ্ডলক দুৰ্নীতি নিবাৰকৰ ডি আই জি পদলৈ পদোন্নতি। লুইছ আইন্দক ডি আই জি (এন ই আৰ) পদলৈ পদোন্নতি। আইনুল হকক আইন–শৃংখলাৰ ডি আই জি পদলৈ পদোন্নতি। আবু ছোফিয়ানক ৰে’লৱেৰ ডি আই জি পদলৈ পদোন্নতি। ডি আই জি দেৱৰাজ উপাধ্যায়ক গুৱাহাটীৰ…

Read More

বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে উকীল সন্থাৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধীতা কৰি আজি বিশ্বনাথৰ উকীল সন্থাই এক প্ৰতিবাদী কাৰ্যাসূচী ৰূপায়ন কৰে। সমগ্র অসমৰ লগতে আজি কৰ্মবিৰতিৰ আৰু সমদলৰ জড়িয়তে উকীল সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব বিল বাতিল কৰক, অবৈধ বাংলাদেশী হাই হাই, আদি শ্ল’গানে উত্তাল কৰি তুলে বিশ্বনাথৰ উকীল সন্থা কাৰ্যালয় । বিশ্বনাথৰ উকীল সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কায্যসূচী জড়িয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতা কৰি প্ৰয়োজনত হ’লে বিধেয়ক খনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপা লগতে সময়ত আইন অমান্য আন্দোলন গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে বিশ্বনাথ উকীল সন্থাই।  

Read More

অৱশেষত মুকলি আকাশৰ তলত টিমনহাবি চাহ বাগিচাৰ পৰিচালক

অৱশেষত মুকলি আকাশৰ তললৈ আহিল চৰাইদেউ জিলাৰ টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱা। সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বাধীন )য়ে মুকলি কৰি দিলে বৰুৱাক। আৰক্ষীসূত্ৰে জানিব পৰা মতে নগালেণ্ডৰ লুংগুৱাবস্তিত আলফাই মুকলি কৰি দিয়া বৰুৱা বৰ্তমান আছাম ৰাইফলচ জিন্মাত আছে সুধা-পোছাৰ বাবে। ইতিমধ্যে এই সন্দৰ্ভত পত্নীক ফোনযোগে মুক্তি পোৱাৰ খবৰ অপহৃত বৰুৱাই নিজে দিয়াৰ পাছত সোণাৰি আৰক্ষীৰ লগত পৰিয়ালৰ লোকসকল বৰুৱাক নগালেণ্ডৰ পৰা আনিবলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। মনকৰিবলগীয়া যে বিগত কিছুদিন ধৰি টিমনহাবি চাহ বাগিচাত বিৰাজ কৰিছিল নিমাওমাও পৰিৱেশে, স্তব্ধ হৈ ৰৈছিল বাগিচাৰ…

Read More