সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যলৈ ফোন গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ

  নাগৰিকত্ব বিধেয়কৰ বাতিলৰ দাবীত অটল অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক নিৰৱচ্ছিন্ন প্ৰতিবা দৰ মাজতে বিষয়টো আলোচনাৰ জৰিয়তে মীমাংসাৰ বাবে সমুজ্জ্বল ভট্টাচাৰ্য্যক ফোনযোগে প্ৰস্তাৱ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে। কিন্তু ৰাজনাথ সিঙৰ প্ৰস্তাৱৰ বিপৰীতে বিধেয়কখন বাতিলৰ দাবীতহে অটল থকাৰ কথা জনাই দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। “অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, অসম চুক্তিক উলংঘা কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিল যিকোনো প্ৰকাৰে বাতিল হ’বই লাগিব,” সিঙক এই কথা জনোৱা বুলি শুকুৰবাৰে চহিদ ন্যাসত আয়োজিত সংবাদমেলত সদৰী কৰে ভট্টাচাৰ্য্যই। ভট্টাচাৰ্য্যই লগতে কয় যে ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত সম্পাদিত ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ জৰিয়তেহে জলন্ত বিদেশী…

Read More