নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী বৰগাঙত বিহালীৰ প্ৰাক্তন ছাত্ৰ কৰ্মী সন্মিলনৰ অৱস্থান ধৰ্মঘট

বিহালী প্ৰাক্তন ছাত্ৰ কৰ্মী সন্মিলনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিহালীৰ প্ৰাণকেন্দ্ৰ বৰগাঙ চেন্টাৰৰ মাজমজিয়াত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰা হয় । দিনৰ ১০ বজাৰ পৰা ১ বজালৈকে ৰূপায়ন হোৱা এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা বাংলাদেশী হিন্দুয়ে হওঁক বা মুছলমানে হওঁক অসম এৰি যাবই লাগিব, অসম চুক্তি ৰূপায়ন কৰক, সতীৰ্থ মুখ্যমন্ত্ৰী আপুনি আছু কৰিছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰেই বাতিল কৰক, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰক আদি শ্লোগানৰ জৰিয়তে সংগঠনটোৱে দাবী তুলি ধৰে । এই প্ৰতিবাদী কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ…

Read More