চিৰাং জিলাৰ বিজনীত সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰী আৰু বিজনী চহৰৰ মাজ মজিয়াত চিৰাং জিলা আছু সংগঠনে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সণোৱাল আৰু বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰে । উল্লেখ্য যে দেওবাৰে নলবাৰীত চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভৰম্ভ অনুষ্ঠানত অংশ ল’বলৈ অহাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়ক, নেতাক ক’লা পতাকা দেখুৱাক কেন্দ্ৰ কৰি ঘগ্ৰাপাৰত হাইস্কুলৰ সন্মুখত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি । আনফালে সেই দিনেই সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ঘগ্ৰাপাৰ হাইস্কুলৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰূপায়ন কৰিছিল বিক্ষোভ তথা অৱস্থান ধৰ্মঘট। তাৰ মাজতে পথেৰে পাৰ হৈ যায় পৰিবহন…

Read More

গহপুৰৰ কেকুৰীজানত হত্যাকাণ্ড

গহপুৰৰ কেকুৰীজানত হত্যাকাণ্ড। স্বামীয়ে নিজ পত্নীক 3*4 বাতামেৰে মৰীয়াই হত্যা। জিতু কলিতা (৩৮)নামৰ লোকজনে নিজ পত্নী ৰিস্পা কলিতাক (৩৫) নৃশংস ভাবে হত্যা কৰাৰ অভিযোগ।

Read More

গোৰেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট আৰু নৃত্য মহোৎসৱত শিল্পী সাহিত্যিক কুশেশ্বৰ বৰালৈ ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ সন্মান বঁটা

একেধাৰে নাট্যকাৰ,অভিনেতা,আবৃত্তিকাৰ,কবি,গল্পকাৰ,সুবক্তা,সত্ৰীয়া শিল্পী,চিত্ৰ ভাস্কৰ্য্য শিল্পী, সাহিত্য আৰু নাট্য সংগঠক,সমাজকৰ্মী,ভাগৱত পাঠক ইত্যাদি বহুমুখী প্ৰতিভাৰ স্বীকৃতি স্বৰূপে গোৰেশ্বৰ মহাবিদ্যালয়ত অনুষ্ঠিত সদৌ ভাৰত বহুভাষিক নাট আৰু নৃত্য মহোৎসৱত কুশেশ্বৰ বৰালৈ ‘নেচনেল পাৰফৰ্মিং আৰ্টচ এচোচিয়েচন অৱ ইণ্ডিয়া’ চমুকৈ (NPAAI) ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ সন্মান বঁটা প্ৰদান কৰে। উক্ত বঁটা প্ৰদান কৰে ‘নেচনেল পাৰফৰ্মিং আৰ্টচ এচোচিয়েচন অৱ ইণ্ডিয়া’ সভাপতি গিৰিৰাজ জামিনিয়ে। শোণিতপুৰ জিলাৰ চিৰাজুলি অঞ্চলৰ পিছপৰা গাঁও শিঙিমাৰীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈ শিল্প সংস্কৃতিৰ পথাৰ চহাই জীৱনৰ ভাটী বয়সত গুৱাহাটী মহানগৰীৰ অন্তৰ্গত পাণ্ডুৰ বাসিন্দা হৈ নিজৰ সৃষ্টি কৰ্ম অব্যাহত ৰখা মানুহজনে ১২ বছৰ বয়সতে যাত্ৰামঞ্চত অভিনয়…

Read More