মোৰ ওপৰত গালি দিয়াৰ প্ৰতিযোগিতা চলিছে, মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ, মোৰ শৰীৰত শেষ টোপাল তেজ থকা লৈকে অসমী আই আৰু জনসমাজৰ হিতৰ বাবে কাম কৰি যাম/ বিহালীত অনুষ্ঠিত সভাত সৰ্বানন্দ সোণোৱাল

আমাৰ আঢ়ৈ বছৰীয়া শাসন কালৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ সাধনত সংকিত হৈ পৰিছে কংগ্ৰেছ আৰু বাওঁপন্থী দল সংগঠন । যাৰ বাবে আমাক প্ৰতিহত কৰিবৰ বাবে আমাৰ ওপৰত চলিছে গালি দিয়াৰ প্ৰতিযোগিতা, কিন্তু মই তাক গ্ৰহণ কৰিছো আৰ্শীবাদ ৰূপে । কাৰণ মই সমাজখনক শ্ৰদ্ধা আৰু ভক্তি কৰো । সমাজৰ প্ৰতিজন জ্যেষ্ঠ ব্যক্তিয়ে মোৰ পিতৃ মাতৃ সদৃশ । প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ সন্তানক গালি দিয়াৰ অধিকাৰ আছে । কিয়নো আমাৰ গ্ৰাম্য জীৱনৰ চহা সহজ সৰল থলুৱা ভূমি পুত্ৰ সকলক ভুল তথ্যৰ জৰিয়তে ক্ষমতাৰ লালসাত পৰি অবাটে বাট বুলিবৰ বাবে প্ৰৰোচিত কৰি আহিছে,…

Read More

ব্যোম কেশ স্মৃতি কণমইনা জাতীয় বিদ্যালয়ৰ পানী যোগান ব্যৱস্থা আনুষ্ঠানিক ভাৱে মুকলি কৰিলে- ডাঃ কানুলাল দাসে 

সমাজত একাংশ চিকিৎসকে অকল চিকিৎসাৰ মনোভাৱেৰে কাৰ্য সম্পাদন কৰে । সমাজৰ হকে সেৱা আগবঢ়াবলৈ হেপাহ জগা ব্যক্তিৰ অভাৱ পৰিলক্ষিত হৈছে যদিও এই ক্ষেত্ৰত ডাঃ কানুলাল দাস দেৱে গ্ৰহণ কৰিলে এক অন্যতম পদক্ষেপ । প্ৰাপ্ত বাতৰি মতে ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সময়ে সময়ে সামৰ্থ অনুযায়ী বিভিন্ন সহায়ৰ হাত আগবঢ়াই আহিছে সেয়া চহৰখনৰ অধিকাংশ ব্যক্তিয়ে অৱগত । আজি বিলাসীপাৰা চহৰৰ ৮ নং ৱাৰ্ডৰ ভৈৰৱগঞ্জত অৱস্হিত ব্যোম কেশ স্মৃতি কণমইনা জাতীয় বিদ্যালয়ত পানী যোগান ব্যৱস্থা আৰু হাত ধোৱা বেচিনৰ ব্যবস্থা সম্পূৰ্ণ নিজ ব্যয়েৰে আনুষ্ঠানিক ভাৱে মুকলি কৰিলে ডাঃ কানুলাল দাস…

Read More

এন ডি এফ বি’ৰ ” মূৰব্বী ৰঞ্জন দৈমাৰীৰ ৰায়দানৰ পিছত আজি সংগঠনটোৱে দিয়া ১২ ঘন্টীয়া বন্ধৰ ফলত সম্পূৰ্ণৰূপে স্তদ্ধ গোসাঁইগাঁওবাসীৰ জনজীবন

“এন ডি এফ বি’ৰ ” মূৰব্বী ৰঞ্জন দৈমাৰীৰ ৰায়দানৰ পিছত আজি সংগঠনটোৱে দিয়া ১২ ঘন্টীয়া বন্ধৰ ফলত সম্পূৰ্ণৰূপে স্তদ্ধ কৰি পেলাইছে গোসাঁইগাঁওবাসীৰ জনজীবন ।

Read More

দৰঙত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঘাইপথ অৱৰোধ

বৰদৌলগুৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যুটীয়াভাৱে কৰিলে এই প্ৰতিবাদ

Read More