জামুগুৰিহাটৰ টৌভঙাত শোকাৱহ পথ দুৰ্ঘটনা, থিতােত নিহত দুজন ,আহত ১

Sharing is caring!

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জামুগুৰি আৰক্ষী থানা অন্তৰ্গত টৌভঙাত আজি দুপৰীয়া প্ৰায় ১২ মান বজাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷

উক্ত পথ দুৰ্ঘটনাত গুণগুণ নামৰ আলট্ৰা বাছ খনে AS 12L 4723 নম্বৰৰ তিনিজনীয়া পৰিয়াল এটা গৈ থকা বাইক খনক মুহতিয়াই নিয়ে ৷

জানিবপৰামতে বাইক খনত দূৰ্গা শৰ্মা (পিতৃ), অৰুণা শৰ্মা (মাতৃ)আৰু প্ৰণৱ শৰ্মা (পুত্ৰ) তিনিজনীয়া পৰিয়ালটি বাইক খনত তেজপুৰ অভিমুখে গৈ থকা অৱস্থাতে বাছ খনে মহতিয়াই নিয়ে আৰু লগেলগেই পিতৃ আৰু পুত্ৰৰ আকস্মিকভাৱে মৃত্যু ঘটে আৰু মাতৃৰ সংকতজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ৷ জামুগুৰিহাটৰ ৰঙাচুকুৱা নিকতবৰ্ওী মৰিসূতিত বাসগৃহ পৰিয়ালটোৰ ৷

Related posts

Leave a Comment