অৱশেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গৃহ জিলাত বিধ্বস্ত কংগ্ৰেছ : ৰিপুন বৰাৰ নাক বছালে দুবাৰকৈ জেলত যোৱা গঁড় চিকাৰত অভিযুক্তই

Sharing is caring!

অৱশেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গৃহ জিলাত বিধ্বস্ত কংগ্ৰেছ :
ৰিপুন বৰাৰ নাক বছালে দুবাৰকৈ জেলত যোৱা গঁড় চিকাৰত অভিযুক্তই

সদ্যসমাপ্ত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে মুখথেকেছা খাইছে ৷

উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সৰ্বত্ৰ গেৰুৱা দলৰ জয়যাত্ৰা ৷
কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নিজ গৃহৰ গাওঁ পঞ্চায়ত সোলেঙীত বিজেপিৰ দখললৈ যোৱাই নহয় গৃহ জিলা বিশ্বনাথতো বিজেপিয়ে উৰুৱালে বিজয়ধ্বজ্জা ৷
ৰিপুণ বৰাৰ গৃহ পঞ্চায়তৰ লগতে গৃহ জিলা বিশ্বনাথতো কংগ্ৰেছে বেয়াকৈ মুখঠেকেছা খোৱাৰ পৰা নাকতো বাছিল ৷

বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ গৃহ জিলাত মান সন্মান ৰক্ষা কৰিলে এগৰাকী বহুচৰ্চিত প্ৰাৰ্থীয়ে ৷

দিলোৱাৰ হুছেইন নামৰ চোৱাগুৰী গাওঁ পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী জনহে নাক বছালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷

এইগৰাকীক প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ত প্ৰদানৰ সময়ত বিশ্বনাথত লাগিছিল হুৱাদুৱা ৷

খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ঘোষণা কৰিছিল তেখেতৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ ৷
নকৰিবই বা কিয় এখেত এটা দুটা নহয় তিনিটাকৈ গড় হত্যাৰ গোছৰত অভিযুক্ত ৷

দিলোৱাৰৰ বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছিল সংবাদ মাধ্যম ত। সংবাদ মাধ্যম ত প্ৰকাশ পোৱা পিচতেই প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ বাবে জিলা উপায়ুক্তলৈ লিখিত পত্ৰও পথাইছিল ৰিপুণ বৰাই ৷

কিন্তু কংগ্ৰেছ সভাপতি জনৰ সৌভাগ্য নে দুৰ্ভাগ্য সেয়াহে বুজা নগ’ল কিয়নো গঁড় হত্যাত জড়িত এইজন দিলোৱাৰেই নাক বছালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনাৰ ৷
বিজয় লাভ কৰি মনৰ আক্ষেপত চোৱাগুৰি পঞ্চায়তৰ সভাপতি দিলোৱাৰৰ মন্তব্য ৰাইজে বিছাৰিলে দল ত্যাগ কৰিব দিলোৱাৰে ৷

এতিয়া প্ৰশ্ন হয়

নিজ গৃহ পঞ্চায়ত সোলেঙীতে মুখথেকেছা খাই মুখলজ্যা ধাকিবলৈ সংৱাদমেল পাতি কংগ্ৰেছৰ বৃহৎ জয় বুলি প্ৰছাৰ কৰা কংগ্ৰেছ সভাপতি জনৰ দলৰ পৰা যদি দিলোৱাৰে পদত্যাগ কৰে বৰাদেউ আপুনি বাৰু কৰিব কি ?

সছাকৈয়ে পংগু হল নেকি কংগ্ৰেছ ? বিশ্বনাথৰ জিলা কংগ্ৰেছৰ মাজত চলি থকা অৰিয়া অৰিৰ বাবেই এই দুৰ্দশা নেকি দলৰ ৷

চোৱাগুৰিৰ ৰাইজে বাৰু কি কাৰণে বিজয়ী কৰিলে গড় হত্যাত অভিযুক্ত দিলোৱাৰক ? কংগ্ৰেছ দলত থাকিব নে দিলোৱাৰ ? দিলোৱাৰে ৰাইজৰ মতামত লৱ কংগ্ৰেছত থকা নথকা বিষয়ক লৈ ৷ ইপিনে দিলোৱাৰৰ বিজয়ক কেন্দ্ৰ কৰি দেখা গল সমৰ্থক সকলৰ মাজত পাৰ ভঙা উছাহ ৷

Related posts

Leave a Comment