বিহালী কনিষ্ঠ মহবিদ্যালয়ত হস্তলেখ পত্রিকা ,পলস, আৰু পৰশ,ৰ শুভ উন্মোচন

Sharing is caring!

 

 

বিহালী কনিষ্ঠ মহবিদ্যালয়ত হস্তলেখ পত্রিকা ,পলস, আৰু পৰশ,ৰ শুভ উন্মোচন

শনিবাৰে বিহালী কনিষ্ঠ মহবিদ্যালয় প্ৰাংগণত হস্তলেখ পত্রিকা ,পলস, আৰু পৰশ,ৰ শুভ উন্মোচন কৰা হয়।

উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বাৰ্ষিক ছাত্র-ছাত্রী সকলে বৰ্ণিল প্ৰতিভাৰে সজাই তোলা এই হাতে লিখা প্ৰত্রিকা বৰগাং উচ্চ মাধ্যামিক বিদ্যালৰ প্ৰধান শিক্ষক চিত্ৰৰঞ্জন ৰয়দেৱে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ।
কায্যসূচীৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে এটি জ্যোতি সংগীত পৰিবেশনেৰ আৰম্ভণিৰ সভাৰ উদেশ্য ব্যাখা কৰে মহাবিদ্যালয় খনৰ ছাত্র অনুপ ভদ্ৰই।
ইফালে পত্রিকা পলস আৰু পৰশৰ সম্পাদক অনুপ ভদ্ৰ আৰু ছয়নিকা ভৰদ্বাজে হাতে লিখা আলোচনী প্ৰস্তুত কৰা লগতে সম্পাদনা কৰি যি কষ্ট, শ্ৰম আৰু ইয়াৰ পাছত লাভ কৰা মনৰ আনন্দ,কথা ব্যক্ত কৰে সভাত ।
সম্পাদকদ্বয়ে তেওঁলোকক এই সৃষ্টিৰ আৰত শিক্ষক পৰশু ছেত্রী দেৱৰ নিৰলস তাগিদা কথা সোঁৱৰে, সম্পাদকে । সভাত ছাত্রী ৰবীনা ৰাই আৰু প্ৰণীতা বৰাই পৰিৱেশন কৰা নৃত্যই সভাত উপস্হিত সকলক আপ্লুত কৰে ।
প্ৰবক্তা পৰশু ছেত্রীয়ে কবিতা পাঠ, আব্দুৰ ৰহিমে এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে ।,মহবিদ্যালয়ৰ অধ্যক্ষ দোলন চন্দ্ৰ দাসে পৰিচালনা কৰা উন্মোচনী সভাত মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীৰ মাজত উতসাহ উদ্দিপনাই এক উৎসৱ সদৃশ পৰিৱেশ সৃষ্টি ৰে এক অনন্য নিদশন দাঙি ধৰে ।
,

Related posts

Leave a Comment