তোমাৰ সন্ধান বিছাৰি মোৰ অবিৰত যাত্রা…..

Sharing is caring!

তোমাৰ সন্ধান বিছাৰি মোৰ অবিৰত যাত্রা…..

হে মোৰ চেনেহী
কতেনো আছা তুমি,
তোমাৰে সন্ধান বিছাৰি
খাইছো মই হাবাথুৰি ।
সৌ সিদিনালৈকে আছিলা
মোৰ হিয়াৰে লগৰি,
আজি কিয় মোক
অকলশৰে এৰি
গুচি গলা তুমি।
তোমাৰেই শুভ্ৰ মৰমৰ
দলিচাই দিছিল মোক
সুখৰে সহাৰি।
তোমাৰ মৰম স্নেহবোৰ
বিয়পি আছে
সৌ আকাশখনত
যেতিয়া তুমি
এন্ধাৰত থাকিবা,
তেতিয়াই মই তুমাক
জোনাক হৈ পোহৰ বিলাম,
সেই পোহৰে তোমাক দিব
মৰমৰ সহাৰি।
তোমাৰ আৰু মোৰ
মৰমৰ শুৱাসে
মোৰ অবিৰত যাত্রা
সুফল কৰিবনে চেনেহী?

নাম: শ্ৰী হিৰকজ্যােতি গন্ধিয়া (কলিতা) ডাকঘৰ: কছুবাৰি
থানা: তামুলপুৰ
জিলা: বাক্সা বি.টি.এ.ডি (অসম)
পিন: ৭৮১৩৬৭
ফোন নং: ৮৪৮৬৩৩৪৩১৮

Related posts

Leave a Comment