হে মোৰ অসমী আই

Sharing is caring!

হে মোৰ অসমী আই….

হে মোৰ অসমী আই
তোৰে কোলাতে জন্ম মোৰ,
আই তোৰে কোলাতে
তোৰে হৈ জীৱন দান দিব লাগিব।
হে মোৰ অসমী আই
তই সাৰে আছনে নাই,
তোৰ প্ৰাপ্য দেখুন আজি
নোহুৱা হবলৈ ধৰিছে,
আই তোৰে কোলাতে জন্ম হৈ
কিছুমান বৰ বৰ লোকে
মানবতা হেৰোৱাই
তোৰেই বিৰুদ্ধে যুজিবলৈ লৈ
আই তোৰেই ভেটিগ্ৰস্ত
কৰিবলৈ ধৰিছে।
আই তোৰেই স্বাৰ্থৰহকে
তোকে বছাবলৈ গৈ
হেজাৰ হেজাৰ দেকাই
শ্বহিদৰ তেজেৰে ৰাঙুলি হল,
শ্বহিদ সকলে
ৰনসিঙা বজাই
তোৰেই কথাকেই কয়।
তোৰেই আছল কানি
অনা অসমীয়াই
কৰিছেহি অপমান
আই অসমীৰ।
হে মোৰ অসমী আই
তোকে বছাবলৈ,
অসমী আইৰ সন্তান সকলে
কেতিয়াও হাৰি নাযায়।
তোৰে চৰন চুই
তোৰেই আৰ্শীৰবাদেৰে
অসমীআই আৰু
অসমীয়াৰ হকে
সদায় যুজিব,
কাৰন অসমীআইৰ
তেজৰ চেকুৰা
কেতিয়াও ভাগৰি নপৰা।

নাম:শ্ৰী হিৰকজ্যোতি গন্ধীয়া (কলিতা)
গাওঁ : সৌৰাগুৰি
জিল্লা: বাক্সা (অসম)
থানা: তামুলপুৰ
পিন নং:৭৮১৩৬৭

Related posts

Leave a Comment