এন আৰ চি-ৰ ওজৰ-আপত্তি থাকিলে ৩১ ডিচেম্বৰৰ পূৰ্বে দাখিলৰ আহ্বান মাজুলীৰ জিলা উপায়ুক্তৰঃ

Sharing is caring!

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত কোনো ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে অভিযোগ থাকিলে, অভিযোগ দাখিল কৰিবলৈ মাজুলী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কেন্দ্ৰ মুকলি কৰা হৈছে।

এই সুচিধা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ প্ৰতিলিপি উপায়ুক্তৰ কাৰ্যালয়ত/চক্ৰ বিষয়াৰ কাৰ্যালয়ত/এন আৰ চি সেৱা কেন্দ্ৰসমূহত উপলব্ধ হ’ব আৰু কাৰ্যালয় খোলা থকাৰ সময়ত যিকোনো ব্যক্তিয়ে সেয়া চাব পাৰিব।


এন আৰ চি-ত অন্তৰ্ভুক্ত কোনো ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত থকাত যদিহে আপত্তি আছে, তেন্তে তেনে ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাত আপত্তি জনাই “অভিযোগ দাখিল কেন্দ্ৰ” বা সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰত অহা ৩১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিবলৈ জনসাধাৰণলৈ অনুৰোধ জনাইছে মাজুলীৰ উপায়ুক্ত তথা নাগৰিক পঞ্জীৰ জিলা পঞ্জীয়ক (ডিআৰচিআৰ) দেৱপ্ৰসাদ মিশ্ৰই।

Related posts

Leave a Comment