উদ্বোধনৰ প্ৰাকক্ষণত বগীবিল দলং উৰুৱাই দিয়াৰ পৰিকল্পনা আলফা স্বাধীনৰ !

Sharing is caring!

বিস্ফোৰক সামগ্ৰীসহ সোণাৰিত আটক আলফাৰ লিংক মেন

উদ্বোধনৰ প্ৰাকক্ষণত বগীবিল দলং উৰুৱাই দিয়াৰ পৰিকল্পনা আলফা স্বাধীনৰ !

চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক জিৎমল দলেৰ নেতৃত্বত ১৪৯ চি আৰ পি এফ ২৪৪ ৰেজিমেণ্ট আৰু ভাৰতীয় সেনাৰ সহযোগত চলা অভিযানত চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বালিজান গ্ৰাণ্টৰ পৰা আৰক্ষী আৰু চি আৰ পি এফে এজন আলফাৰ লিংকমেন আটক কৰে।

দ্বীপ আৰন্ধৰা ওৰফে মদন নামৰ আলফা স্বাধীনৰ লিংকমেনজনৰ পৰা উদ্ধাৰ কৰা হয় ২ কেজি ওজনৰ বিস্ফোৰক আৰ ডি এক্স, এটা ফিউজ মিটাৰ, দুটা নন-ইলেক্ট্ৰ’নিক ডিটনেটৰ, এটা পইণ্ট ২.২ পিষ্টল আৰু তিনি জাঁই সজীৱ গুলী।

বগীবিল দলং উদ্বোধন কৰিবলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী অহাৰ প্ৰাক্‌-মুহূৰ্তত বগীবিল দলঙত এক শক্তিশালী বোমা বিস্ফোৰণ ঘটাবলৈ এই বিস্ফোৰক সামগ্ৰীসমূহ লৈ আনিছিল বুলি জানিবলৈ দিয়ে ধৃত লিংকমেনজনে।

Related posts

Leave a Comment