মইনা পুখুৰী ভুইচম্পা দেৱী মন্দিৰঃ কিয় বিখ্যাত এই বিশেষ মন্দিৰটো !

Sharing is caring!

আপোনালোকে নিশ্চয় এটা কথা ভালদৰে জানে পুখুৰী, নৈ, বিলত পানী শুকাই। কিন্তু আজি আপোনালোকক এটি দৃশ্য দেখুওৱাম। য’ত এটি পুখুৰীত অনবৰতে পানী থাকে। পুখুৰীৰ পানী কেতিয়াও নুশুকাই।

নাম কি হয় পানী নুশুকোৱা পুখুৰীটোৰ?
ক’ত আছে পানী নুশুকোৱা সেই বিশেষ পুখুৰীটো ?

পুখুৰীটোৰ নাম হ’ল মইনা পুখুৰী। এই পুখুৰীটো বাক্সাৰ ভাৰত ভুটান সীমান্তৰ প্ৰায় ৩ কি.মি দুৰত্বত এখন হাবিৰ মাজত অৱস্থিত। এই পুখুৰীটোৰ লগতে সেই স্থানত গুপ্তেশ্বৰ নামৰ এটা গুহাৰ লগতে এটা মন্দিৰো আছে।

মন্দিৰৰ নাম হ’ল মইনা পুখুৰী ভুইচম্পা মন্দিৰ। উক্ত মন্দিৰত স্থানীয় লোকৰ উপৰিও দিল্লী, ৰাজস্থান, মনিপুৰ, ছিলং, নেপাল আদি বিভিন্ন ঠাইৰ পৰা ভক্ত সকল মন্দিৰলৈ দৰ্শন কৰিবলৈ আহে।

জানিব পৰা মতে উক্ত মন্দিৰত ভক্ত সকলৰ উপৰিও বনৰীয়া হাতীয়েও আহি মন্দিৰত পূজা অৰ্চনা কৰে আৰু বনৰীয়া হাতীক দানা পানী, ফল, মুল খুৱাই সন্তূষ্ট কৰি পঠাই দিয়ে বুলি জানিব দিয়ে মন্দিৰৰ পুজাৰীয়ে।

উক্ত মন্দিৰত স্থানীয় ভক্ত সকল আহি দিনে নিশাই ভজন-কীৰ্তন কৰে আৰু মন্দিৰত ভক্ত সকলৰ বাবে ৰাতি থকাৰ বাবেও সুবিধা আছে বুলি মন্দিৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে।

Related posts

Leave a Comment