পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত চৰকাৰী শিক্ষক জড়িত অভিযোগ

Sharing is caring!

 

                     পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত
চৰকাৰী শিক্ষক জড়িত অভিযোগ তীব্ৰ প্ৰতিক্ৰিয়া

                 জাতীয়তাবাদী যুৱ পৰিষদৰ

বিশ্বনাথৰ বিহালীত অব্যাহত আছে যোৱা পঞ্চায়ত নিৰ্বাচনত
চৰকাৰী শিক্ষক প্ৰত্যক্ষ ভাৱে পঞ্চায়ত নিৰ্বাচনত জড়িত হৈ

প্ৰচাৰ চলোৱা আৰু টকা দি সাধাৰণ ভোটাৰক কংগ্ৰেছত ভোট দিবলৈ
আহ্বান জনোৱা গুৰুত্ব অভিযোগৰ ঘটনাৰ অব্যাহত আছে
প্ৰতিক্ৰিয়া বিহালীত ।
পঞ্চায়ত নিৰ্বাচন পাৰ হ’ল ফলাফল দিলে শপত গ্ৰহণ কৰিলে বহু পঞ্চায়ত প্ৰতিনিধিয়ে কিন্তু অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনত চৰকাৰী শিক্ষক প্ৰত্যক্ষ ভাৱে জড়িত হোৱা ঘটনা ।
ৰহস্য জনক কথাটো হ’ল পঞ্চায়ত নিৰ্বাচনত কেইবাজনো চৰকাৰী শিক্ষক জড়িত হোৱা এক গুৰুত্ব অভিযোগ উত্থাপিত হৈছিল ।
এই অভিযোগৰ ভিত্তিক একাংশ বৰঝাৰণি সচেতন লোকে
জিলা শিক্ষা বিষয়াক অৱগত কৰা পিচতো
শিক্ষক কেইজনৰ বিৰুদ্ধে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰা ঘটনাই অব্যাহত আছে প্ৰতিক্ৰিয়া বিহালীত ।
অভিযোগ অনুসৰি
যোৱা পঞ্চায়ত নিৰ্বাচনত বিহালী সমষ্টিৰ বৰঝাৰণি নাহৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক দিৰেশ্বৰ পকবি,
আৰু শূলমাৰি প্ৰাথমিক বিদ্যালয় সহশিক্ষক সঞ্জীৱ ৰংকপি, কামেশ্বৰ তেৰাং প্ৰধান শিক্ষক গ্ৰামীণ বিকাশ প্ৰাথমিক বিদ্যালয় ২ নং বৰঝাৰণি, পানিৰাম ৰংপি ৰঙাজান প্ৰাথমিক বিদ্যালয় তিনিসুতি প্ৰধান শিক্ষক ।
এই কেইজনে শিক্ষকৰ বিৰুদ্ধে যোৱা পঞ্চায়ত নিৰ্বাচনত প্ৰত্যক্ষ ভাৱে জড়িত হৈ একাংশ সাধাৰণ ভোটাৰক ২০০ টকাকৈ দি কংগ্ৰেছ হৈ ভোট দিবলৈ প্ৰচাৰ চলোৱা এক গুৰুত্ব অভিযোগ উত্থাপিত কৰিছিল অঞ্চল টো একাংশ সাধাৰণ ভোটাৰে কিন্তু এই অভিযোগ জিলা শিক্ষা বিষয়াক দিয়া পিচতো এই কেইজন চৰকাৰী শিক্ষকৰ বিৰূদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উঠিছে ।
অভিযোগ সমুহ বিশ্বনাথ মহকুমা আৰু শোণিতপুৰ জিলা শিক্ষা বিষয়াক সচেতন মহলে মৌখিক ভাৱে অৱগত কৰা পিচতো আজিলৈকে শিক্ষক কেইজনৰ বিৰুদ্ধে বিশ্বনাথ আৰু শোণিতপুৰ জিলা শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰা ঘটনাই
বিহালীত অব্যাহত আছে প্ৰতিক্ৰিয়া ।
এই ক্ষেত্ৰত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে
অসম জাতীয়তাবাদী যুৱ পৰিষদ বিহালী আঞ্চলিক সমিতিয়ে । প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনো দাবী এনে দৰে চৰকাৰী শিক্ষক পঞ্চায়ত নিৰ্বাচনত জড়িত হোৱা টো দুভাগ্য জনক । যদিহে সচাকৈয়ে এই সকল শিক্ষক জড়িত হৈছিল এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে শিক্ষা মন্ত্ৰী য়ে অন্যথা এই সকল শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ দিয়ে ।

Related posts

Leave a Comment