নৱবৰ্ষৰ প্ৰথম দিনাই বিশ্বনাথ জিলা প্ৰসাশনৰ অভিনৱ প্ৰয়াস,প্ৰশাসনক ৰাইজৰ কাষ চপাই নিয়াৰ এক বিনম্ৰ প্ৰয়াস ‘গাঁৱলৈ বলক’

Sharing is caring!

নৱবৰ্ষৰ প্ৰথম দিনটোত নিজ পৰিয়ালৰ সৈতে বনভোজ খাই নহয় বিশ্বনাথৰ তিনিসুতিবাসীক চৰকাৰী আচনিৰ বিষয়ে অৱগত কৰিলে বিশ্বনাথ জিলা প্ৰশাসনে।

নৱবৰ্ষৰ প্ৰথম দিনটোত সকলোৰে ইচ্ছা নিজ পৰিয়ালৰ সৈতে সুখে শান্তিৰে এসাঁজ খাই নৱবৰ্ষৰ পহিলা দিনতো স্মৰনীয় কৰি তোলাৰ ৷ কিন্তু বিশ্বনাথৰ সকলো প্ৰসাশনিক বিষয়াৰ গাত তত নাই ৷ উদেশ্য বিশ্বনাথ বাসীক নতুন কিবা এটা উপহাৰ দিয়াৰ ৷ নতুন বছৰৰ পহিলা দিনতে জিলাখনৰ প্ৰত্যেকজন প্ৰসাশনিক বিষয়াক দেখা গল তিনিসুতি গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত ৷

450

সকলোৰে হেপাঁহ অসম চৰকাৰৰ সমুহ আচনিৰ বিষয়ে ৰাইজক অৱগত কৰা ও সজাগতা সৃষ্টি কৰা ৷
বিশ্বনাথ বাসীৰ মাজত বিভিন্ন চৰকাৰী আচনি সমুহক অৱগত কৰি নতুন বছৰত বিশ্বনাথ বাসীক সজাগ কৰি তোলাৰ এক ব্যতিক্ৰমী প্ৰয়াস বিশ্বনাথ জিলা প্ৰশাসনৰ ৷ জিলা উপায়ুক্তকে ধৰি প্ৰায় প্ৰতিজন প্ৰতিজন প্ৰশাসনিক বিষয়াই মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰা উদ্যোগত বিশ্বনাথ জিলা পৰিষদৰ সহযোগত এক অগতানুগতিক জনসম্পৰ্কৰক্ষী অভিযানৰ সফল ৰূপায়ণ কৰে ৷

স্বাস্থ্য, কৃষি, সংস্থাপন, শিক্ষা উন্নয়নকে ধৰি প্ৰায় প্ৰতিটো চৰকাৰী জনউপকাৰী আচনিৰ বিষয়ে অৱগত কৰি ৰাইজৰ মাজত এক সজাগতা সৃষ্টি কৰি বিশ্বনাথবাসীক সজাগ কৰি তোলাৰ উদেশ্য আগত ৰাখিয়েই জিলা খনৰ বৰমুৰীয়া সকলে পহিলা জানুৱাৰীৰ দিনাই ললে এক ব্যতিক্ৰমী পদক্ষেপ ৷ জিলা উপায়ুক্ত ধিৰাজজ্যোতি কলিতা আৰু জিলা খনৰ প্ৰতিজন চৰকাৰী প্ৰসাশনিক বিষয়াই বিছাৰে অসম চৰকাৰৰ প্ৰতিতো আচনিৰেই লাভ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰক আৰু এই ২০১৯ বৰ্ষটোতে বিশ্বনাথ জিলাই লাভ কৰক ৰাজ্যৰ শ্ৰেষ্ঠ জিলা ৰূপে ৷

এই সপোন আগত ৰাখিয়েই জিলা প্ৰশাসনে চৰকাৰী নিৰ্দেশ পোৱাৰ লগে লগেই নিজ পৰিয়ালৰ সৈতে বছৰৰ পহিলা দিনটোত বনভোজ খাই আনন্দ ফুৰ্তি কৰাৰ পৰিবৰ্তে জিলাবাসীৰ বাবে নিজৰ পহিলা জানুৱাৰীটো পাৰ কৰাৰ যি প্ৰয়াস কৰিলে সেয়া ৰাজ্যৰ প্ৰতিজন প্ৰসাশনিক বিষয়াৰ বাবে হৈ ৰওক অনুকৰণীয় আদৰ্শ ৷

Related posts

Leave a Comment