দৰঙৰ দলগাঁৱত বুধবাৰে নিশা অস্ত্ৰসহ আটক তিনি দূৰ্ধৰ্ষ ডকাইত, অন্য দুজনক আজি গ্ৰেপ্টাৰ

Sharing is caring!

বেছিমাৰীৰ লাইন হোটেল এখনত ডকাইতৰ দলটোৱে বহি থকা বুলি গোপন খবৰৰ ভিত্তিত দলগাঁও আৰক্ষীয়ে কালি নিশা আটক কৰিছিল তিনিজন ডকাইতক৷

দলটোৰ পৰা প্ৰথমে আৰক্ষীয়ে এটা পিষ্টল, তিনিখন ডেগাৰ আৰু পাঁচ ৰাউন্ড গুলী উদ্ধাৰ কৰে৷ তাৰ পিছত পুণৰ আজি আন এজন ডকাইতৰ ঘৰৰ পৰা এটা হস্ত নিৰ্মিত পিষ্টল , ১০ টা সজীৱ গুলি, প্ৰায় ৫০ ডাল কাঁড়, কিছু বিস্ফোৰক সামগ্ৰী, বহু কেইখন দেগাৰ, ছাইলেন্সৰ পাইপৰ লগতে বিস্ফোৰণ সামগ্ৰী নিৰ্মান কৰিব পৰা বহু কেইপদ সামগ্ৰী।

সংবাদ মেলত আৰক্ষী অধীক্ষক প্ৰকাশ কৰে এই লোক কেইজন গঁড় হত্যাৰ লগতে বহু ডকাইতি কাৰ্যত লিপ্ত।
ডকাইত কেইজন ছাবেদ আলী, আৰিফুদ্দিন, ফজৰ আলী, শাহজাহান আলি আৰু শ্বাহাদ আলি।
বুধবাৰে নিশা কৌপাতিত ডকাইতি কৰাৰ পৰিকল্পনা আছিল ডকাইতৰ দলটোৰ।
মঙ্গলদৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সন্ধিয়া অনুষ্ঠিত হয় সংবাদ মেল খন।
সংবাদ মেল সম্বোধন কৰে আৰক্ষী অধীক্ষক শ্ৰীজিত থিয়ে।
নৱবৰ্ষৰ প্ৰাকক্ষণত এয়া দৰং আৰক্ষীৰ বিশেষ সফলতা বুলি ক’ব পাৰি।

Related posts

Leave a Comment