মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা আৰু মাত্ৰাধিক প্ৰচাৰ…

Sharing is caring!

দীলিপ কুমাৰ বৰা ডাঙৰীয়াৰ এটা ফেচবুক পোষ্ট ⬇

মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা আৰু মাত্ৰাধিক প্ৰচাৰ

 

যোৱা ৫ মে, ২০১৭ তাৰিখে কেৰেলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই বছৰৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হৈছিল। সেই পৰীক্ষাত কেৰেলাৰ কন্নোৰ জিলাৰ মালোৰ বোলা গাওঁখনৰ ৰাফছিনা নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী এগৰাকীয়ে মুঠ ১২০০ নম্বৰৰ ভিতৰত ১১৮০ নম্বৰ লাভ কৰি এক ইতিহাস ৰচনা কৰিছিল।

এটা কোঠাৰ এটা ঘৰত চাৰিজনীয়া এটা পৰিয়ালৰ সদস্যা ৰাফছিনাই দৰিদ্ৰতাক নেওচি কঠোৰ সংগ্ৰাম আৰু নিৰলস সাধনাৰ বলত এই সফলতা আৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ফলাফল ঘোষণাৰ পিছতে ৰাফছিনাহঁতৰ ঘৰলৈ তাইক সম্বৰ্ধনা জনাবলৈ বিভিন্ন নামজলা ব্যক্তি, সংস্থা, সাংবাদিক আহিল। কেৰেলাৰ আটাইবোৰ বাতৰি কাকত আৰু বিদ্যুতিন মাধ্যমতে এই বাতৰি প্ৰকাশ পায়। বাতৰিটো প্ৰকাশ হোৱাৰ পিছতে কেইবাটাও স্বেচ্ছাসেৱী সংস্থা, কন্নোৰৰ সাংসদ আৰু বিভিন্ন ব্যক্তিয়ে তাইৰ পৰৱৰ্তী পৰ্যায়ৰ শিক্ষাৰ বাবে পৃষ্ঠপোষকতা কৰিবলৈ আগবাঢ়ি আহিল।

কিন্তু ৰাফছিনাই সেই সুযোগ কাকো নিদিলে। ফলাফল ঘোষণাৰ দুদিন পিছতে তাই আত্মহত্যা কৰিলে। বিভিন্ন কোণৰ পৰা অহা উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগবঢ়োৱা পৃষ্ঠপোষকতা, সম্বৰ্ধনাৰ বাবে নহয়, তাই চুইচাইদ নোটত লিখি যোৱা মতে তাইৰ আত্মহননৰ পথ বাচি লোৱাৰ মূল কাৰণ হৈছে তাই ইমান দিনে তাইৰ সহপাঠী সকলৰ পৰা লুকুৱাই থোৱা তাইৰ দৰিদ্ৰতা, যিটো এই সম্বৰ্ধনাবোৰে, বাতৰি কাকত আৰু বিদ্যুতিন মাধ্যমবোৰে উদঙাই দিলে। তেওঁলোকে তাইৰ ব্যক্তিগত গোপনীয়তাৰ কথা অকণো চিন্তা নকৰিলে, যি তাইৰ স্বাভিমানত প্ৰচণ্ড আঘাত হানে।

উল্লিখিত ঘটনাটো এই কাৰণেই উল্লেখ কৰিলোঁ যে অহা ২৫ মে’ তাৰিখে ২০১৮ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হ’ব। পৰীক্ষাত অৱৰ্তীৰ্ণ ৩,৫৩,৫৩৩ জন ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী জিলিকি উঠিব, কিছুসংখ্যকে আশা অনুযায়ী ফল লাভ কৰিব নোৱাৰিব আৰু এচামে চূড়ান্ত বিফলতাৰ সন্মুখীন হ’ব লাগিব। গোটেই বছৰটো এই ছাত্ৰ-ছাত্ৰীসকলে কেনে পৰিস্থিতিৰ মাজেৰে অধ্যয়ন অব্যাহত ৰাখিছিল তাৰ কোনো ভূ নোলোৱা ব্যক্তিবিশেষ, সংস্থা, ছপা আৰু বিদ্যুতিন মাধ্যমসমূহ সৰৱ হৈ উঠিব, চৰম দৰিদ্ৰতাৰ মাজেদি সফলতা আৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালবৰ্গৰ দীনতা মাত্ৰাধিকভাৱে প্ৰচাৰিত হ’ব, এইবাৰ সফলতা দেখুৱাবলৈ অক্ষম ছাত্ৰ-ছাত্ৰীসকল আৰু তেওঁলোকৰ পৰিয়াৰবৰ্গ শোকত ম্ৰিয়মান হৈ ৰ’ব, কোনোৱে হয়তো চূড়ান্ত সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ দৃষ্টান্ত দাঙি ধৰি নিজ সন্তানক তিৰষ্কাৰ কৰিব।

পৰিশেষত আমাৰ বিনম্ৰ অনুৰোধ, সফলতাক স্বীকৃতি দিয়ক, উৎসৱলৈ পৰ্যৱসিত নকৰিব, দাৰিদ্য প্ৰচাৰত সংযত হ‌ওক, টিপ চাকিৰ পোহৰত পঢ়া ল’ৰা-ছোৱালীৰ পৰীক্ষাৰ আগতেই বুজ ল‌ওক, পাৰিলে সৌৰ-চালিত লেম্প এটাৰ ব্যৱস্থা কৰি দিয়ক, অকৃতকাৰ্য হোৱা ছাত্ৰ-ছাত্ৰীৰো কাষত থিয় দিয়ক আৰু তেওঁলোকৰ মানসিক উত্তৰণৰ ব্যৱস্থা কৰক। সফলতাৰ প্ৰচাৰ কৰিবলৈ গৈ যাতে নিজৰ প্ৰচাৰ চেৰাই নেযায় তালৈ লক্ষ্য ৰাখক।

দিলীপ কুমাৰ বৰা
২৩/০৫/২০১৮

Related posts