শনিবাৰে শনি লাগিল বিহালী বাঘমৰা উন্নয়ন খণ্ড কাৰ্যালয় কৰ্মচাৰী

Sharing is caring!

 

 

শনিবাৰে শনি লাগিল বিহালী বাঘমৰা উন্নয়ন খণ্ড কাৰ্যালয় কৰ্মচাৰী 

 

বগীবিল দৰ্শনৰ লোভ সামৰিব নোৱাৰিলে
বাঘমৰা উন্নয়ন খণ্ড কাৰ্যালয় কৰ্মচাৰীয়ে ।

# মাহৰ প্ৰথমটো শনিবাৰতে কাৰ্যালয়ত তলা ওলমাই সকলো কৰ্মচাৰীক লগত লৈ পালেগৈ বগীবিলৰ পাৰ উন্নয়ন বিষয়া /
# তলা ওলমি থকা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা বিমুখ হৈ উভতিল ৰাইজ
#মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কোৱাৰ দৰে বৃদ্ধি পোৱা নাই চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সংস্কৃতি

 নৱবৰ্ষ আৰম্ভ হোৱা দিন চেৰেক পাৰ হ’ল। 

কিন্তু নতুন বছৰৰ আদৰণী পৰ্ব যেন এতিয়াও যৱনিকা পৰা নাই একাংশ ব্যক্তিৰ বাবে তথা চৰকাৰী কৰ্মচাৰী ।
সেয়েহে নতুন বছৰৰ আদৰণী আৰু বগীবিল দৰ্শনৰ সুখ লবলৈ হেপাহ জাগিল বিহালী বাঘমৰা উন্নয়ন খণ্ড কাৰ্যালয় একাংশ কৰ্মচাৰী । উন্নয়ন বিষয়া সংগ দি অধিকাংশ কৰ্মচাৰী ওলাল
বগীবিল দলং ভৱণ কৰিবলৈ ।
আজি নতুন বছৰটোৰ প্ৰথমটো মাহৰ প্ৰথমটো শনিবাৰ ৷
ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়ে খোলা আজিৰ দিনটোত কোনো বিশ্বনাথ স্থানীয় চৰকাৰী বন্ধ বুলি ঘোষণা ও কৰা নাই যদিও কৰ্তব্যৰ দিনটোত প্ৰথমটো অঘোষিত বন্ধ পালন কৰিলে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বাঘমৰা উন্নয়ন খণ্ডৰ বিডিঅ ছাৰ লগতে একাংশ কৰ্মচাৰীয়ে ।
আজি কোনো চৰকাৰী বন্ধ নথকাকৈয়ে বাঘমৰা খণ্ড উন্নয়ন বিষয়া তথা সকলো কৰ্মচাৰী কাৰ্যালয়ত তলা ওলমাই বগীবিলৰলৈ ৰাওনা হোৱা ঘটনা ই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।

পিছে কাৰ্যালয়ত দেখা গ’ল এজন কৰ্মচাৰী । মন থকা স্বত্বেও বগীবিল দলং চাবলৈ তথা দলংৰ তলত নতুন বছৰ উপলক্ষে বনভোজ খাবলৈ নাপালে কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে।

আনহাতে তলা ওলমি থকা চৰকাৰী কাৰ্যালয়টোৰ পৰা বিমুখ হৈ উভতিল ৰাইজ ৷

মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰায়েই কয় অসমত চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সংস্কৃতি বৃদ্ধি পাইছে।

কিন্তু চৰকাৰী কৰ্মচাৰীৰ কৰ্তব্যৰ দিনটোতয়ো কাৰ্যালয়ত ওলমি থাকিল তলা।

মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কৰ্ম সংস্কৃতি সম্পৰ্কে সভাই-সমিতিয়ে কৈ থকা কথাষাৰ যে ফুটুকাৰ ফেনত পৰিনত হ’ল । এইয়াই নেকি চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা এতিয়া সৰ্বতে চলিচে চৰ্চা।

Related posts

Leave a Comment