তেজপুৰ বৰঘাট আৰক্ষীযে  আটক কৰা দুধূৰ্ষ চোৰাং চিকাৰীক ৭ দিনৰ বাবে  বিশ্বনাথৰ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয় আৰু  বন্যপ্রাণী সংমণ্ডলৈ প্ৰেৰণ 

Sharing is caring!

যোৱা ২২ ডিচেম্বৰত তেজপুৰ বৰঘাট
আৰক্ষীয়ে এক গোপন পম খেদি যোৱা ২২ ডিচেম্বৰ ত এটা চোৰাং চিকাৰী আটক কৰিছিল ।
আটক হোৱা  চিকাৰীটো বিশ্বনাথৰ 
চতিয়াৰ ৪নং ভোজ মাৰীৰ মিৰ্জাদ আলি ওৰফে কপালকটা  ৷ 
পূৰ্বে  বহু কেইটা গঁড়  হত্যাৰ অভিযোগত অভিযুক্ত  চিকাৰীটো পলাতক অৱস্থাত আছিল ৷
চোৰাংচিকাৰীটোৰ পৰা পূৰ্বে নগদ সত্তৰ হাজাৰ টকা উদ্ধাৰ কৰা লগতে যোৱা ২২  তাৰিখে তেজপুৰ আৰক্ষীয়ে অভিযান চলাই চিকাৰী টো পৰা উদ্ধাৰ কৰিছিল  ২টা থ্ৰি নট থ্ৰি ৰাইফল,২ টা চাইলেঞ্চাৰ আৰু বহুতো আপত্তিজনক সামগ্ৰী বন বিভাগে উদ্ধাৰ কৰে ৷
২০১৭ চনৰপৰাই চোৰাং চিকাৰীটো বন বিভাগৰ মূৰৰ কামোৰণি হৈ আছিল ৷ধৃত চিকাৰীটোৰ লগৰ ৯জন চোৰাং চিকাৰী গ্ৰেপ্তাৰ হোৱাৰ লগতে ২০১৭চন়তে বন বিভাগৰ গুলিত নিহত হয় মনিপুৰৰ এজন সহযোগীৰ ৷ধৃত চোৰাং চিকাৰীটোক বৰ্তমান 
বিশ্বনাথৰ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয় আৰু  বন্যপ্রাণী সংমণ্ডলত বন 
বিষয়া প্ৰাঞ্জল বৰুৱা নেতৃত্বত এটি বন কৰ্মী দলছ 
 জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে বন বিষয়া প্ৰাঞ্জল বৰুৱাই ।

Related posts

Leave a Comment