অগপই মিত্ৰতা ভংগ কৰিলে বিজেপিৰ সৈতে; দিল্লীত দলৰ নেতৃত্বৰ আনুষ্ঠানিক ঘোষণা

Sharing is caring!

 

অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আঞ্চলিক দল অগপই আজি বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিলে।

 

আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদন জেপিচিয়ে সদনত দাখিল কৰাৰ পিছতে দলটোৰ দিল্লীত থকা শীৰ্ষ নেতৃত্বই এই চূড়ান্ত সিদ্ধান্তটো লয়।

 

দিল্লীত ৰাজনাথ সিঙৰ লগত বৈঠকৰ অন্তত মিত্ৰতা ভংগৰ কথা ঘোষণা কৰে অগপৰ নেতৃত্বই।

উল্লেখযোগ্য যে আজি কেইঘণ্টামানৰ পূৰ্বে দলৰ নেতৃত্বই এই সিদ্ধান্তৰ ইংগিত দিছিল আৰু কেৱল ঘোষণাটোহে বাকী আছিল।

দলটোৰ এজন শীৰ্ষ নেতা প্ৰফুল্ল কুমাৰ মহন্তই আজি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চই অনুষ্ঠিত কৰা ‘ধিক্কাৰ দিৱস’তো এই ইংগিত দিছিল।

অৱশ্যে নিজেই নিশ্চিত ঘোষণাটো নিদিয়াৰ যুক্তি আগ বঢ়াই মহন্তই কয় যে দলৰ সভাপতি, সাধাৰণ সম্পাদক আৰু আন কেইজনমান বিষয়ববীয়াইহে এই ঘোষণাটো কৰিব পাৰে।

“মই ঘোষণাটো কৰাৰ বাবে উপযুক্ত মানুহ নহয়। দলে সিদ্ধান্ত লৈছে আৰু দলৰ উপযুক্ত বিষয়ববীয়াই এই ঘোষণাটো কৰিব পাৰে।” মহন্তই সভাত উপস্থিতসকলক কয়।

উল্লেখযোগ্য যে আজি ধিক্কাৰ দিৱসত উপস্থিত 

Related posts

Leave a Comment