অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে সমগ্র অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত

Sharing is caring!

 

 

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ টা জাতি জনগোষ্ঠীয়ে জনোৱা ১১ ঘন্টায়া
অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে সমগ্র অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ।

আছুৱে আহ্বান জনোৱা বন্ধত গুৱাহাটীৰ মহানগৰ কে ধৰি ভিন্ন ঠাইত ছাত্ৰ সন্থা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্র মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ, শিল্পী সমাজ, কে ধৰি সাধাৰণ ৰাইজ ৰাজপথত উলাই আহি ৰাছপথত টায়াৰ জ্বলাই প্ৰতিবাদ
সাব্যস্ত কৰা দেখা গল মঙলবাৰে ।

ইফালে
অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিল ডিব্ৰুগড়, তিনিচুকীয়া, ধিং, শিৱসাগৰ, কাকপথাৰ, গুৱাহাটীৰ, আজাৰা, নগাঁও, চিৰাঙ, ধুবুৰী, তেজপুৰ, বিশ্বনাথ, গহপুৰ, লক্ষীমপুৰ, ধেমাজি,জামুগুৰী, দৰং, মঙলদৈ, ওদালগুৰি, ঢকুৱাখনা, ঢেকিয়াজুলী, যোৰহাট, টীয়ক, নাৰায়ণপুৰ, বিহপুৰী, বিলাসীপাৰা, ৰঙীয়া, লগতে মণিপুৰ, অৰুণাচলকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বন্ধৰ সৰ্বাত্মক পৰা পৰিলক্ষিত হ’ল ।

ইফালে কোনো কোনো অঞ্চলত প্ৰতিবাদী কাৰীক আৰক্ষীয়ে আটক কৰাও পৰিলক্ষিত হ’ল ।

আটক হ’ল ঐক্য সেনা অসমৰ মুখ্য সম্পাদক ছহিদুল ইছলাম,উপ সভাপতি স্বৰুপ মেধী,সম্পাদক মেহবুব আলি,সাধাৰণ সম্পাদক জিতু মনি ।

আটাইকেইজনকে ধাৰাপুৰৰ পৰা আটক কৰে আৰক্ষীয়ে ।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মংগলবাৰে বিভিন্ন স্থানত প্ৰতিবাদীয়ে ৰেল পথ অৱৰোধ কৰা লগতে ৰেল পথত টায়া জ্বলাই প্ৰতিবাদ কৰাও পৰিলক্ষিত হল ।

ইফালে উত্তাল হৈ পৰিল মঙলবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৃহ সমষ্টিত ডিব্ৰুগড় সাধাৰণ জনতাই বাসগৃহ ঘেৰাও কৰাও দেখা গ’ল ।

 

Related posts

Leave a Comment