বিশ্বনাথৰ  বন বিভাগৰ নৰ্ডান ৰেঞ্জা কাৰ্যালয় লকআপত ৰহস্যজনক ভাৱে মৃত্যু  চোৰাং চিকাৰী

Sharing is caring!

 

 

পৰিয়ালৰ অভিযোগ
বধ বিষয়াক তিনি লাখ টকা আৰু এখন গাড়ী দিব নোৱাৰাৰ বাবে হত্যা কৰিলে ।

বিশ্বনাথৰ বন সংমণ্ডল প্ৰাধিকাৰী (বন্যপ্ৰাণ সংৰক্ষণ সংমণ্ডলত ) কাৰ্যালয়ত আজি এক শোকাকূল পৰিবেশ দেখা গল মঙলবাৰে ।
কাৰ্যালয়টোৰ চৌদিশে কেৱল কান্দোনৰ ৰোল।
এই নিষ্পাপ শিশু সকলেও এইদৰে কান্দোনত ভাগি পৰিছে।সকলোৰে হিয়া ভগা কান্দোনত মাজে মাজে মহিলা আৰক্ষীৰ টনা আজোৰা।

কিন্তু কিয় জানেনে।
নৰ্ডান ৰেঞ্জা কাৰ্যালয়ৰ লকআপত ৰহস্যজনক ভাবে উদ্ধাৰ হয় চোৰাং চিকাৰী মিৰ্জাদ আলীৰ মৃতদেহ দেখা গল চিপ লৈ থকা অৱস্থাত ।

যোৱা ২২ ডিচেম্বৰত তেজপুৰ বৰঘাট আৰক্ষীয়ে ২টা বন্দুক সহ গ্ৰেপ্তাৰ কৰিছিল চোৰাংচিকাৰি মিৰ্জাদক ।
যোৱা দেওবাৰে বিশ্বনাথৰ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ে ৭ দিনৰ জিম্মাত আৰক্ষীৰ পৰা চোৰাং চিকাৰী জনক লোৱাৰ পিছতে মঙলবাৰে পুৱা বন বিভাগৰ
লকআপৰ ভিতৰতে ৰহস্যজনক ভাৱে ডিঙিত চিপ লোৱা অবস্থাত উদ্ধাৰ হয় চোৰাং চিকাৰীজনৰ মৃতদেহ।

তাৰ পিছতে এই কাৰ্যালয়টোত এই পৰিবেশ।

এই ঘটনা মিৰ্জাদৰ পৰিয়ালে গম পোৱাৰ পিছতে এক শোকাকূল পৰিবেশৰ সৃষ্টি হয় এই কাৰ্যালয়টোত।

পৰিয়ালৰ এটাই কথা আমাকো মাৰি পেলাওক,পইচা লাগে বন বিষয়াক ,তেজ বিক্ৰী কৰি বা কিডনি বিক্ৰী কৰি হলেও আমি টকা দিলো হয়।
কিয় মাৰি পেলালে আমাৰ মানুহজনক।
হয় বন বিভাগৰ জিন্মাত কি দৰে লকআপৰ ভিতৰত এজন আচামীৰ মৃত্যু সংঘটিত হ’ল।
বন বিভাগে এই মৃত্যুক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা ও অভিযোগ উত্থাপিত হৈছে ।

পৰিয়ালৰ অভিযোগ বন বিষয়াই মৃত মিৰ্জাদৰ পৰা বিচাৰি্ছিল নগদ তিনি লাখ টকা আৰু এখন গাড়ী।
নিৰ্দিষ্ট সময়ৰ ভিতৰত মৃত মিৰ্জাদৰ পৰিয়ালে দিব নোৱাৰিলে বন বিভাগক ।

পৰিয়ালৰ সন্দেহ নিশা মিৰ্জাদক এইদৰে হত্যা কৰি আত্ম হত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ পৰিয়ালৰ।

ইতিমধ্যে বিশ্বনাথ আৰক্ষী উক্ত কাৰ্যলয়ত উপস্হিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰি মৃতদেহটো মৰুনোত্তৰৰ বাবে প্ৰেৰণ কৰিছে।

আৰক্ষীৰ অনুসন্ধানত হে উলাব প্ৰকৃত ৰহস্য।

আনহাতে উক্ত ঘটনাটো হত্যাই হওক বা আত্মহত্যাই হওক।বনবিভাগৰ লকআপত ভিতৰত আচামীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তিব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বনাথত।

Related posts

Leave a Comment