অৱশেষত মুকলি আকাশৰ তলত টিমনহাবি চাহ বাগিচাৰ পৰিচালক

Sharing is caring!

অৱশেষত মুকলি আকাশৰ তললৈ আহিল চৰাইদেউ জিলাৰ টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱা। সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বাধীন )য়ে মুকলি কৰি দিলে বৰুৱাক। আৰক্ষীসূত্ৰে জানিব পৰা মতে নগালেণ্ডৰ লুংগুৱাবস্তিত আলফাই মুকলি কৰি দিয়া বৰুৱা বৰ্তমান আছাম ৰাইফলচ জিন্মাত আছে সুধা-পোছাৰ বাবে।

ইতিমধ্যে এই সন্দৰ্ভত পত্নীক ফোনযোগে মুক্তি পোৱাৰ খবৰ অপহৃত বৰুৱাই নিজে দিয়াৰ পাছত সোণাৰি আৰক্ষীৰ লগত পৰিয়ালৰ লোকসকল বৰুৱাক নগালেণ্ডৰ পৰা আনিবলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। মনকৰিবলগীয়া যে বিগত কিছুদিন ধৰি টিমনহাবি চাহ বাগিচাত বিৰাজ কৰিছিল নিমাওমাও পৰিৱেশে, স্তব্ধ হৈ ৰৈছিল বাগিচাৰ কাম কাজ। কাৰণ ২০ নবেম্বৰৰপৰাই সন্ধানহীন হৈ আছিল বাগিচাখনৰ পৰিচালক গৰাকীৰ।

ক’ত আছে, কি কৰিছে বাগিচাখনৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱা?? তথ্য নাছিল কাৰো হাতত। উল্লেখ্য যে, চৰাইদেউ জিলাৰ সাপেখাতিৰ টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক অপহৰণ কৰা ডেৰমাহ পাৰ হোৱাৰ পাছতো কিন্তু সন্ধান নাছিল অপহৃত বৰুৱাৰ। যোৱা ২০ নবেম্বৰত বাগিচাৰ বাংলোৰপৰাই অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰ নিছিল বাগিচা পৰিচালক নোমল চন্দ্ৰ বৰুৱাক। এই সন্দৰ্ভত চৰাইদেউ জিলা আৰক্ষীয়ে তাৎক্ষণিক ভাৱে অনুসন্ধান কৰিছিল যদিও কিন্তু আজিলৈকে সন্ধান উলিয়াব নোৱাৰিলে আৰক্ষীয়ে।

ইপিনে আলফা (স্বা)ই অপহৰণ কৰা বুলি সন্দেহ কৰাৰ পাছতো আলফাৰদ্বাৰা কোনো ধৰনৰ স্পষ্টিকৰণ প্ৰকাশ নোপোৱাত বিষয়টোৱে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আজি আহিল ভাল খবৰটো। সন্ধানহীন নোমল চন্দ্ৰ বৰুৱাই ফোনযোগে পত্নীক জনালে মুক্তি পোৱাৰ খবৰ। মন কৰিবলগীয়া কথাটো হ’ল অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে বৰুৱাক অপহৰণ কৰাৰ সময়ত নিজকে আলফাৰ সদস্য বুলি চিনাকী দিয়াৰ লগতে অপহৰণ কৰা সন্দৰ্ভত চিন্তা নকৰিবলৈও কৈছিল বৰুৱাৰ পত্নীক। দুবৃত্তৰ দলটোৰ ভাষ্য অনুসৰি অতিশীঘ্ৰেই বৰুৱাক পৰিয়ালৰ হাতত ঘুৰাই দিয়া কথা আছিল যদিও ডেৰমাহ ওকলি যোৱাৰ পাছতো ঘুৰি নহাত বিপদৰ সন্দেহ হৈছিল সকলোৰে মনত ।

আনপিনে অপহৰণকাণ্ডৰ পাছৰপৰাই বাগিচাখনত সৃষ্টি হৈছে তীব্ৰ অচলাৱস্থাৰ। ইয়াৰ পৰিপ্ৰেক্ষিত বৰুৱাক অতিশীঘ্ৰেই মুকলি কৰি দিবলৈ আহ্বান জনাইছিল বৰুৱাৰ পৰিয়াল তথা জনসাধাৰণে। তেনে সময়তে আজি লাভ কৰা খবৰৰ পাছত কিছু হলে স্বস্তিৰ নিশ্বাস পেলাইছে সকলোৱে। আনহাতে দিনক দিনে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি বেয়াৰ ফালে গৈছে নেকি? সেই প্ৰশ্ন উত্থাপন হৈছে জনসাধাৰণৰ মাজত। কাৰণ বিগত কেইটামান দিনত ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো অপহৰন কাণ্ড। অতি শেহতীয়াকৈ চৰাইদেউ জিলাৰ সাপেখাতিৰ টিমনহাবি চাহ বাগিছাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰাৰ পাছত সমগ্ৰ জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

উল্লেখ্য যে চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱানগৰস্থিত বিষ্ণুপুৰ চাহ বাগিছাৰ শাখা টিমনহাবি চাহ বাগিছাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক নিজা বাংলোৰপৰাই অপহৰণ কৰি নিছিল দুৰ্বৃত্তই। এই অপহৰণৰ আঁৰত আলফা (স্বাধীন ) জড়িত থকাৰ সন্দেহ কৰা হৈছিল যদিও আলফাৰ ফালৰপৰা কোনো স্পষ্টীকৰণ নোপোৱা বাবে ৰহস্যৰ সৃষ্টি হৈছে ঘটনাটোত। তথ্য অনুসৰি ২০ নৱেম্বৰৰ সন্ধিয়া ৭.৩০ বজাত চাৰিজন অচিনাকি লোক আহে বাগিছাৰ বাংলোটোলৈ। সেনাৰ পোছাক পৰিহিত অস্ত্ৰধাৰী লোককেইজনে নিজকে আলফাৰ সদস্য বুলি চিনাকি দি পৰিচালক বৰুৱাক তেওঁলোকৰ লগত যাব লাগিব বুলি নিৰ্দেশ দিয়ে।

কিন্তু বৰুৱাৰ পত্নী ননিমা বৰুৱাই বাগিচাৰ পৰিচালক স্বামীক কিয় তেওঁলোকৰ লগত নিয়া হ’ব বুলি সোধাত চাহ বাগিছাৰ মালিকৰ সংক্ৰান্তত নিয়া হৈছে বুলি জানিবলৈ দিয়ে। ইফালে স্বামীক নিনিবলৈ কাকূতি মিনতি কৰাৰ পাছতো অস্ত্ৰধাৰী লোককেইজনে ননিমা বৰুৱাক ঘটনাটো গোপনে ৰাখিবলৈ ভাবুকিহে প্ৰদান কৰে। আনহাতে দুৰ্বৃত্ত দলটোৰ ভাবুকি পোৱাৰ ফলত বৰহাট আৰক্ষীক পিছদিনা পূৱা দেৰিকৈ অৱগত কৰে।

অপহৰণৰ খবৰ সমগ্ৰ চৰাইদেউ জিলাতে বিয়পি পৰাৰ পাছতে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক জিৎমল দলে তৎক্ষণাত সাপেখাতি সেনা ছাউনীৰ মেজৰ শচীন সিনহাসহ ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিবলৈ বৰহাট আৰক্ষীক নিৰ্দেশ দিয়ে। স্মতব্য যে কেইবছৰমান পূৰ্বে আলফাই বিষ্ণুপুৰ চাহ বাগিছাৰ কলঘৰলৈ গ্ৰেনেড নিক্ষেপ কৰিছিল। আনহাতে বিষ্ণুপুৰ চাহ বাগিছাৰ স্বত্বাধিকাৰী গুৱাহাটীৰ লক্ষ্মীনাৰায়ণ চৌধাৰী আৰু যোৰহাটৰ প্ৰদীপ সিংঘালক আলফাই ধন দাবী কৰিছিল বুলি সন্দেহ কৰিছে বহুলোকে। যাৰ ফলত দাবীকৃত ধন নিদিয়াৰ বাবেই বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক আলফাই অপহৰণ কৰা বুলি প্ৰচাৰ হৈছিল জনসাধাৰণৰ মাজত।

 

courtesy@dainandinbarta (ReportaAbhijit bhunya)

http://live.dainandinbartagroup.in/news_wp/?p=6914

Related posts

Leave a Comment