জামুগুৰিহাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ-ছাত্ৰৰ মুণ্ডনৰে প্ৰতিবাদ, অসম জ্বলোৱাৰ হুংকাৰ

Sharing is caring!

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়ত জামুগুৰিহাতটো বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷আজি জামুগুৰিহাটৰ ব্যৱসায়ীক কেন্দ্ৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জামুগুৰি আঞ্চলিক সমিতিয়ে সমুহীয়া মুণ্ডনৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

মুণ্ডন কাৰ্যসুচীত অংশগ্ৰহণ কৰি যুৱ-ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি প্ৰকাশ শইকীয়াই কয় কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব ৷ সময় থাকোতেই চৰকাৰে বিধেয়ক বাতিল কৰক ৷অন্যথা অসম জ্বলি যাব ৷

যুৱ-ছাত্ৰৰ এই প্ৰতিবাদী কাৰ্যসুচীত মুণ্ডন কাৰ্যসুচীত অংশ গ্ৰহণ কৰে যুৱ-ছাত্ৰৰ জামুগুৰি আঞ্চলিকৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰা ,উপসভাপতি সঞ্জীৱ দাস উপদেষ্টা বিশ্বজিৎ কলিতা ,নিৰ্মল দাস মিনাৰাম দাস হৃদয়া দাস,প্ৰসন্ন দাস,অচ্যুত হাজৰিকা আৰু গোপাল দাসে ৷

প্ৰতিবাদী কাৰ্যসুচীত যুৱ-ছাত্ৰ পৰিষদৰ সদস্য সকলে নৰেন্দ্ৰ মোদী হায় হায়,সৰ্ব্বানন্দ সোনোৱাল হুচিয়াৰ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ দিনৰ১১বজাৰ পৰা অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসুচীত অঞ্চলটোৰ বিভিন্ন দল সংগঠনেও অংশ গ্ৰহণ কৰে ৷

Related posts

Leave a Comment