নিবনুৱাৰ আদৰ্শ হ’ব পাৰে, নৱোদয় অৰ্গেনিক ফাৰ্ম

Sharing is caring!

বঙাইগাঁৱৰ এদল শিক্ষিত উদ্যমী যুৱকৰ হাতত প্ৰাণ পাই উঠিছে নৱোদয় অৰ্গেনিক ফাৰ্ম ৷ ফাৰ্মত জড়িত ৭ জন যুৱকৰ সৰহ সংখ্যক যুৱকে টেটৰ শিক্ষক।

তথাপিও কৃষি কৰ্ম জড়িত হৈ নিবনুৱা যুৱকৰ বাবে পদ প্ৰদৰ্শক হৈ থিয় দিছে এইকেইগৰাকী উদ্যমী যুৱকে ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে সাৰ প্ৰয়োগক কৰি ২ বিঘা মাটিত বিভিন্ন ৰবি শস্যৰ খেতি কৰিছে ৷

আলু, বিলাহী, ব্ৰকলি, ষ্ট্ৰৱেৰী, মটৰ, আদি পাছলি খেতি কৰি উদ্যমীতাক প্ৰদৰ্শিত কৰিছে। গ্ৰাহকৰ চাহিদা তেওঁলোকে আশা কৰাতকৈ অধিক সঁহাৰি লাভ কৰা বুলি জানিব পৰা গৈছে৷

ভাল খবৰ এয়েই যে নৱোদয় অৰ্গেনিক ফাৰ্মক কৰ্মোদ্যম অনুসৰণ কৰি অঞ্চলটোৰ বহু নিবনুৱা যুৱক ওলাই আহিছে এনেধৰণৰ খেতি কৰিব বাবে ৷

Related posts

Leave a Comment