বিজনীত ৪৮ নং চোৱাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবৰ্ষ উদযাপন 

Sharing is caring!

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিজনী ৪৮ নং চোৱাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে শতবাৰ্ষিকী অনুষ্ঠান উদযাপন কৰে ।বিদ্যালয় খনৰ শতবাৰ্ষিকি উপলক্ষ্যে মঙ্গলবাৰ ৰাতিপুৱা ৭.৩০ বজাত শতবৰ্ষৰ দ্বাৰ মুকলি কৰে উপদেষ্টা শতবৰ্ষিকী উদযাপন সমিতিৰ শ্ৰীযুত ধৰ্মেশ্বৰ ৰায় । ৮ বজাত বিদ্যালয়ৰ পতকা উত্তলন কৰে শ্ৰীযুত হিলেশ্বৰ ৰায় সভাপতি বিদ্যালয় পৰিচালনা সমিতি ।

ৰাতিপূৱা ৮.১৫ বজাত শতবাৰ্ষিকী উদযাপন সমিতিৰ পতকা উত্তলন কৰে ।উত্তলক সভাপতি শতবাৰ্ষিকী উদযাপন সমিতিৰ শ্ৰীযুত অৰ্জুন চন্দ্ৰ ৰায় । পূৱা ৮.৩০ বজাত স্মৃতি তৰ্পন । তৰ্পক সম্পাদক শতবাৰ্শিকী সমিতিৰ শ্ৰীযুত পৰেন চন্দ্ৰ ৰায়, বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত সুৰ্য্য কুমাৰ ৰায়। ৰাতিপূৱা ৯ বজাত বৃক্ষৰোপন কৰে ।ৰোপক স্থানিয় গাঁওবুঢ়া শ্ৰীযুত লহিত চন্দ্ৰ ৰায় । পূৱা ৯.৩০ বজাত খেল-ধেমালি প্ৰতিযোগিতা শুভৰম্ভ কৰে ।

শুভৰম্ভক প্ৰাক্তন শিক্ষক শ্ৰীযুত কালুৰাম সূত্ৰধৰ । ৰাতিপূৱা ১১ বজাত চিত্ৰাংকন, কবিতা আবৃতি প্ৰতিযোগিতা কৰে । আবেলি ২.৩০ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মি সভা । সভা সঞ্চালক বৰলাউগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত পলাশ কুমাৰ সৰকাৰ । সন্ধিয়া ৬বজাত বন্তি প্ৰজ্বলন কৰে । প্ৰজ্বলক উপদেষ্ঠা, শতবাৰ্শিকী উদযাপন সমিতিৰ শ্ৰীযুত পৰমেশ্বৰ ৰায় ।সন্ধিয়া ৭বজাত সাংস্কৃতিক অনুষ্ঠান । উদ্বোধক কাৰ্যকৰী সভাপতি শ্ৰীযুত বিশ্বজিৎ ৰাায় ।বুধবাৰ ৰাতিপূৱাৰ ভাগত বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰে বিজনী মহকুমা নিৰ্বাচনী বিষয়া লুকুমনি বৰাই।

শতবাৰ্ষিকি উপলক্ষ্যে দুপৰীয়াৰ ভাগত মুকলি সভা অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন কৰে বড়োবাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন মহন্তই । উক্ত মুকলি সভাৰ মুখ্য অতিথি হিচাবে উপস্থিত থাকে মানাস চেৰফাং পৰিষদীয় সদস্য অতিন হাজং তথা কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ সংসদ নৱ কুমাৰ শৰণীয়া। উক্ত সভাত সাংসদ গৰাকীয়ে নিজৰ ভাষনত কয় যে ছয় জনগোষ্ঠীৰ জনজাতি কৰনক লৈ হাগ্ৰামা মহিলাৰিয়ে যি ভূমিকা লৈছে সেয়া কোনো পধ্যেই গ্ৰহন যোগ্য নহয় এইয়া এক প্ৰকাৰ জঘন্য ৰাজনীতিহে । এই চৰকাৰ খনে সদায় মত সলনি কৰি আছে এই জনজাতিকৰনৰ বিষয় লৈ।

সংসদ শৰণীয়াই আৰু কয় যে বিটিএডিৰ বিভিন্ন সমস্যা সমাধান কৰাৰ কাৰনে কোনো চিন্তাই কৰা নাই হাগ্ৰামাই ।যেতিয়ালৈকে ছয় জনগোষ্ঠীৰ পুৰ্ণ জনজাতী কৰন নহয় তেতিয়ালৈ সকলো ৰাইজে শুই বহি নাথাকি তিব্ৰতৰ আন্দোলন অব্যাহত ৰাখিবলৈ আহব্বান জনায় সাংসদ গৰাকীয়ে ।

হাগ্ৰামা মহিলাৰীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰন লৈ দুমুখীয়া নীতি লৈছে । বিধান সভা নিৰ্ব্বাচনৰ পুৰ্ব্বে জনজাতিকৰন হলে কোনো আপত্তি নাই বুলি এন অ চি দিছিল । কিন্ত এই বাৰ কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰন কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ সময়তে দিল্লীত গৈ বাধা দিয়ে,স্মাৰক প্ৰদান কৰি সময় নষ্ঠ কৰি আছে । কাৰন পলম হলে কোনো পধ্যেই জনজাতিকৰন সম্ভৱ নহব সেই কথাটো তেওঁলোকে জানিবুজি এই ধৰনৰ ৰাজনীতি কৰি আছে হাগ্ৰামাই ।

Related posts

Leave a Comment