কুমাৰীকাটাত গোৰ্খা ছাত্ৰ সন্থাৰ জোঁৰ সমদল

Sharing is caring!

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি বিভিন্ন দল সংগঠন তথা ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অহা সময়তে তামুলপুৰ মহকুমাটো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। আজি সন্ধিয়া বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাই কুমাৰীকাটাত বিশাল জোঁৰ সমদল কাৰ্য্যসুচী ৰূপায়ণ কৰে।

সন্ধিয়া ৬ বজাত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ কুমাৰীকাটাৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ ঢেকীয়াবস্তীস্থিত কাৰ্যালয়ৰ পৰা কুমাৰীকাটা-জালাহ পথ হৈ কুমাৰীকাটা স্থিত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ গো বেক, নৰেন্দ্ৰ মোদী গো বেক , নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৬ বাতিল কৰক, গোৰ্খা ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ , বিজেপি চৰকাৰ মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লোগানেৰে কুমাৰীকাটাৰ পৰিবেশ উত্তাল কৰি তোলে ।

 

Related posts

Leave a Comment