গোৰেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট আৰু নৃত্য মহোৎসৱত শিল্পী সাহিত্যিক কুশেশ্বৰ বৰালৈ ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ সন্মান বঁটা

Sharing is caring!

একেধাৰে নাট্যকাৰ,অভিনেতা,আবৃত্তিকাৰ,কবি,গল্পকাৰ,সুবক্তা,সত্ৰীয়া শিল্পী,চিত্ৰ ভাস্কৰ্য্য শিল্পী, সাহিত্য আৰু নাট্য সংগঠক,সমাজকৰ্মী,ভাগৱত পাঠক ইত্যাদি বহুমুখী প্ৰতিভাৰ স্বীকৃতি স্বৰূপে গোৰেশ্বৰ মহাবিদ্যালয়ত অনুষ্ঠিত সদৌ ভাৰত বহুভাষিক নাট আৰু নৃত্য মহোৎসৱত কুশেশ্বৰ বৰালৈ ‘নেচনেল পাৰফৰ্মিং আৰ্টচ এচোচিয়েচন অৱ ইণ্ডিয়া’ চমুকৈ (NPAAI) ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ সন্মান বঁটা প্ৰদান কৰে।

উক্ত বঁটা প্ৰদান কৰে ‘নেচনেল পাৰফৰ্মিং আৰ্টচ এচোচিয়েচন অৱ ইণ্ডিয়া’ সভাপতি গিৰিৰাজ জামিনিয়ে। শোণিতপুৰ জিলাৰ চিৰাজুলি অঞ্চলৰ পিছপৰা গাঁও শিঙিমাৰীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈ শিল্প সংস্কৃতিৰ পথাৰ চহাই জীৱনৰ ভাটী বয়সত গুৱাহাটী মহানগৰীৰ অন্তৰ্গত পাণ্ডুৰ বাসিন্দা হৈ নিজৰ সৃষ্টি কৰ্ম অব্যাহত ৰখা মানুহজনে ১২ বছৰ বয়সতে যাত্ৰামঞ্চত অভিনয় জীৱন আৰম্ভ কৰি ১৫ বছৰ বয়সৰ পৰা নাটৰচনা কৰি ৰৰখন পূৰ্ণাংগ সামাজিক নাট আৰু ১৫খন একাংকিকা নাট উপহাৰ দিয়াৰ উপৰি ভালেমান নাট নিজে পৰিচালনা কৰাৰ উপৰি নাট্য দল সংগঠক হিচাপে সেৱা আগবঢ়াইছিল।

৬০ দশকত প্ৰচাৰ মাধ্যমে ঢুকি নোপোৱা কালৰে পৰা শিল্প, সাহিত্য, সংস্কৃতি সমাজ সৰ্বত্ৰতে খোজ পেলাই সফলতা লাভ কৰা কুশেশ্বৰ বৰাই ৮০ দশকত প্ৰথম চুটি গল্প ৰচনাত মনোনিৱেশ কৰি ১৯৮৪ চনত সদৌ অসম নবীন লেখক-লেখিকা আৰু শিল্পী সমিতিয়ে আয়োজন কৰা সদৌ অসমভিত্তিত চুটি গল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰিছিল। ৮০-৯০ দশকতে তেখেতে দৈনিক অসম, আজিৰ অসম, অগ্ৰদূত, বুধবাৰ, পূৰ্বাঞ্চল, নতুন পৃথিৱী আদি আগশাৰীৰ কাকত-আলোচনীত চুটি গল্প লিখি প্ৰতিষ্ঠা লাভ কৰিছিল। ১৯৮৪ চনৰ পৰা বৰ্তমানলৈ সদৌ অসম ভিত্তিত বিভিন্ন অনুষ্ঠানে আয়োজন কৰা চুটি গল্প প্ৰতিযোগিতাত তিনিটা আৰু সদৌ অসমভিত্তিত কবিতা প্ৰতিযোগিতাত দুটা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বৰাই শেহতীয়াকৈ কাব্যৰ পথাৰখনত বলিষ্ঠ খোজ দি কবিতা সৃষ্টি আৰু কলামঞ্চত বাটেৰে শ্ৰোতাৰ মন আকৰ্ষণ কৰি মহানগৰীৰ সন্ধ্যাচল কবি সমাজৰ দ্বাৰা ‘কবিবন্বুূ’ উপাধিৰে বিভূষিত হৈছে।

বৰ্তমানলৈ তেখেতৰ প্ৰায় ১৫০খন চুটি গল্প প্ৰকাশ পোৱাৰ উপৰি কাকত-আলোচনী, স্মৃতিগ্ৰন্থত কিছুসংখ্যক সমাজ-সংস্কৃতিমূলক প্ৰবন্ধ প্ৰকাশ পাইছে। বৰ্তমানলৈ বৰাৰ চাৰিখন চুটি গল্প পুথি আৰু এখন কবিতা পুথি আৰু চাৰিখন নাটক প্ৰকাশ পাইছে। কেইবাখনো ভাওনা নাটকৰ ৰচক আৰু পৰিচালক বৰাই ৮০ দশকতে এটি সত্ৰীয়া নৃত্যদল পৰিচালনা কৰিছিল।

তেখেত একেধাৰে এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত সত্ৰীয় নৃত্যশিল্পী প্ৰশিক্ষণপ্ৰাপ্ত চিত্ৰশিল্পী, নাট কৰ্মশালাত প্ৰশিক্ষণপ্ৰাপ্ত নাট্যকৰ্মী গল্প কৰ্মশালত প্ৰশিক্ষণপ্ৰাপ্ত গল্পকাৰ, যোগ মহাবিদ্যালয়ত প্ৰশিক্ষণপ্ৰাপ্ত ‘কায়াযোগী’ ডিল্প’মাধাৰী লোক। তেখেতে ২০০৩ চনতে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত ‘বিশিষ্ট কথাশিল্পী’ সন্মান, জিলা আৰু আঞ্চলিক ভিত্তিত শিল্প সাহিত্য, আবৃত্তি প্ৰতিযোগিতাৰ ভালেমান বঁটা লাভ কৰাৰ উপৰি তেখেতে শেহতীয়াকৈ ডাঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা, সমতা সাহিত্য একাডেমীৰ পৰা ‘সাহিত্য ৰত্ন’ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

বৰ্তমানলৈকে শিল্পী সাহিত্যিক কুশেশ্বৰ বৰাই চাৰিখন গল্প সংকলন,এখন কাব্য সংকলন আৰু পাঁচ খন নাট প্ৰকাশৰ উপৰিও ভালেমান গল্প,নাটক, কবিত,প্ৰৱন্ধ আদি অপ্ৰকাশিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

Related posts

Leave a Comment