চিৰাং জিলাৰ বিজনীত সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ

Sharing is caring!

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰী আৰু বিজনী চহৰৰ মাজ মজিয়াত চিৰাং জিলা আছু সংগঠনে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সণোৱাল আৰু বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰে ।

উল্লেখ্য যে দেওবাৰে নলবাৰীত চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভৰম্ভ অনুষ্ঠানত অংশ ল’বলৈ অহাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়ক, নেতাক ক’লা পতাকা দেখুৱাক কেন্দ্ৰ কৰি ঘগ্ৰাপাৰত হাইস্কুলৰ সন্মুখত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি । আনফালে সেই দিনেই সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ঘগ্ৰাপাৰ হাইস্কুলৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰূপায়ন কৰিছিল বিক্ষোভ তথা অৱস্থান ধৰ্মঘট।

তাৰ মাজতে পথেৰে পাৰ হৈ যায় পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কনভয়। মন্ত্ৰী পটোৱাৰীক অৱস্থান স্থলীৰ পৰাই প্ৰতিবাদকাৰীয়ে ক’লা পতকা প্ৰদৰ্শন কৰে। কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাসহ শীৰ্ষ নেতৃত্বক বিজেপিৰ সমৰ্থকে বাইক ৰেলী আদৰি অনাৰ সময়তে আছু কৰ্মীয়ে ক’লা পতাকা দেখুৱাত একাংশ বিজেপি সমৰ্থকে প্ৰতিবাদস্থলীৰ সন্মুখতে একপ্ৰকাৰ পথ অৱৰোধ কৰি আছু মুৰ্দাবাদ ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে । আৰক্ষীৰ সন্মুখতে আছুকৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। এই ঘটনাত কেইবাজনো আছু কৰ্মী আৰু বিজেপি কৰ্মী আহত হয় ।

শিলাবৰ্ষণত মূৰত আঘাত পায় আছুৰ সাংগঠনিক সম্পাদক হিমান বৰ্মনকে ধৰি কেইবাজনো সদস্যই। এই ঘটনাক কেন্দ্ৰ কৰি আজি মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্থ কৰে বিজনীত আৰু বিজনীৰ উলুবাৰীত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, ৰঞ্জিত দাস , মুৰ্দাবাদ,হিন্দু বাংলাদেশী সংস্থাপন দিয়া নহ’ব ,আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে বিজনী আৰু বিজনীৰ উলুবাৰী উত্তাল কৰি তোলে।

Related posts

Leave a Comment