চিৰাঙৰ বিজনীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অগপৰ প্ৰতিবাদী সমদল

Sharing is caring!

চিৰাং জিলাৰ বিজনী চহৰত আজি অসম গণ পৰিষদ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত প্ৰতিবাদী সমদল উলিয়ায় ৷ বিজনী জিলা অগপ আৰু মাণিকপুৰ জিলা অগপই যুটীয়াভাৱে বিজনী ছোৱালী হাইস্কুল খেল পথাৰৰ পৰা এই সমদল উলিয়ায় ৷

প্ৰতিবাদী সমদলত অংশ লোৱা অগপৰ কৰ্মী সকলে নাগিৰকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, জাতিধ্বংসী বিধেয়েক বাতিল কৰক, অসম গণ পৰিষদ জিন্দাবাদ, অসমীয়া খিলঞ্জীয়া জিন্দাবাদ আদি বিভিন্ন শ্ল’গান দিয়ে ৷

বিজনী চহৰৰ মূল পথেৰে উলিওৱা প্ৰতিবাদী সমদল পাছলৈ বিজনী ছোৱালী হাইস্কুল খেল পথাৰত সামৰণী পৰে ৷ সমদলৰ পাছত প্ৰতিবাদী সভাত বিজনী জিলা অগপৰ সম্পাদক নৱ কলিতা, শিক্ষাবিদ কৃষ্ণকান্ত ৰায় আদিয়ে নগৰিকত্ব বিধেয়কখন বাতিল কৰাৰ সমৰ্থনত ভাষণ প্ৰদান কৰে ৷

546

বিজনী আৰু মাণিকপুৰ জিলা অগপই যুটীয়াভাৱে উলিওৱা প্ৰতিবাদী সমদলত বিজনী আৰু মাণিকপুৰ মহকুমা অঞ্চলৰ বিভিন্ন জাতি-গোষ্ঠীৰ কে’বাশ পুৰুষ-মহিলাই অংশ লয় ৷

Related posts

Leave a Comment