নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত চিৰাঙৰ বিজনীত জিলা কৰ্মচাৰী পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন

Sharing is caring!

চিৰাং জিলাৰ বিজনী চহৰৰ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আজি বিজনী জিলা কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত পুৱা এঘাৰ পৰা পৰা অনুষ্ঠিত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিভিন্ন বিভাগৰ শতাধিক পুৰুস-মহিলা চৰকাৰী কৰ্মচাৰীয়ে অংশ লয় ৷

বিজনী জিলা কৰ্মচাৰী পৰিষদে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে যাতে এই বিধেয়কখন আইনত পৰিণত নকৰে তাৰ বাবে দাবী জনাই এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত বিজনী মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Related posts

Leave a Comment