বিশ্বনাথ জিলা আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান ৰেঞ্জ যুটীয়া অভিযানত মাৰণাস্ত্ৰ সহ এটা চোৰাং চিকাৰী আটক

Sharing is caring!

 

বিশ্বনাথ জিলা আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান ৰেঞ্জ
যুটীয়া অভিযানত মাৰণাস্ত্ৰ সহ এটা চোৰাং চিকাৰী আটক

 

 

বিশ্বনাথ আৰক্ষী আৰু বন বিভাগে আজি এক গোপন সূত্ৰৰ পম খেদি যুটীয়া অভিযান চলাই বুধবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাত বিশ্বনাথ জিলাৰ চতিয়াৰ ২ নং ভোজমাৰী গাৱৰ পৰা এজন কুখ্যাত গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা চিকাৰী জনৰ নাম আব্দুল জলিল (৩০) বুলি জানিব পৰা গৈছে।

চিকাৰী জনৰ পৰা মাটিত পুতি থোৱা অৱস্থাত দুটাকৈ ৩০৩ ৰাইফল আৰু ১৮ জাই সজীৱ গুলীৰ লগতে দুটা মেগজিন উদ্ধাৰ হৈছে।
কুখ্যাত গঁড় চিকাৰীটো বহুদিন ধৰি পলাতক হৈ আছিল। যদিও বৰ্তমান বহু কেইটা চোৰাং চিকাৰী গোচৰত অভিযুক্ত হোৱা লগতে বহু কেইটা গঁড় হত্যা লগত জড়িত থকা বুলি বন বিশ্বনাথ জিলা আৰক্ষী অধীক্ষ আৰু বন বিভাগে জানিবলৈ দিয়ে ।

Related posts

Leave a Comment