ব্যোম কেশ স্মৃতি কণমইনা জাতীয় বিদ্যালয়ৰ পানী যোগান ব্যৱস্থা আনুষ্ঠানিক ভাৱে মুকলি কৰিলে- ডাঃ কানুলাল দাসে 

Sharing is caring!

সমাজত একাংশ চিকিৎসকে অকল চিকিৎসাৰ মনোভাৱেৰে কাৰ্য সম্পাদন কৰে । সমাজৰ হকে সেৱা আগবঢ়াবলৈ হেপাহ জগা ব্যক্তিৰ অভাৱ পৰিলক্ষিত হৈছে যদিও এই ক্ষেত্ৰত ডাঃ কানুলাল দাস দেৱে গ্ৰহণ কৰিলে এক অন্যতম পদক্ষেপ ।

প্ৰাপ্ত বাতৰি মতে ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সময়ে সময়ে সামৰ্থ অনুযায়ী বিভিন্ন সহায়ৰ হাত আগবঢ়াই আহিছে সেয়া চহৰখনৰ অধিকাংশ ব্যক্তিয়ে অৱগত । আজি বিলাসীপাৰা চহৰৰ ৮ নং ৱাৰ্ডৰ ভৈৰৱগঞ্জত অৱস্হিত ব্যোম কেশ স্মৃতি কণমইনা জাতীয় বিদ্যালয়ত পানী যোগান ব্যৱস্থা আৰু হাত ধোৱা বেচিনৰ ব্যবস্থা সম্পূৰ্ণ নিজ ব্যয়েৰে আনুষ্ঠানিক ভাৱে মুকলি কৰিলে ডাঃ কানুলাল দাস দেৱে ।

উক্ত কাৰ্যসুচীত উপস্থিত থাকে বিদ্যালয় খনৰ পৰিচালনা সমিতি ৰ সমূহ সদস্য আৰু বিভিন্ন সমাজ সেৱক সকল । বহু দিন ধৰি উক্ত বিদ্যালয় খন অসুবিধা পাই আহিছিল পানী যোগান ব্যৱস্থাৰ পৰা । আজি এই সমস্যা চিৰদিনৰ বাবে অন্ত পেলালে এজন সু চিকিৎসক তথা বিশিষ্ট সমাজ সেৱক ডাঃ কানুলাল দাস । তেখেতে প্ৰদান কৰা উক্ত কাৰ্য্যক সচেতন মহলৰ লগতে সমূহ গাঁৱবাসীয়ে প্ৰশংসা কৰিছে ।

Related posts

Leave a Comment