মোৰ ওপৰত গালি দিয়াৰ প্ৰতিযোগিতা চলিছে, মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ, মোৰ শৰীৰত শেষ টোপাল তেজ থকা লৈকে অসমী আই আৰু জনসমাজৰ হিতৰ বাবে কাম কৰি যাম/ বিহালীত অনুষ্ঠিত সভাত সৰ্বানন্দ সোণোৱাল

Sharing is caring!

আমাৰ আঢ়ৈ বছৰীয়া শাসন কালৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ সাধনত সংকিত হৈ পৰিছে কংগ্ৰেছ আৰু বাওঁপন্থী দল সংগঠন । যাৰ বাবে আমাক প্ৰতিহত কৰিবৰ বাবে আমাৰ ওপৰত চলিছে গালি দিয়াৰ প্ৰতিযোগিতা, কিন্তু মই তাক গ্ৰহণ কৰিছো আৰ্শীবাদ ৰূপে । কাৰণ মই সমাজখনক শ্ৰদ্ধা আৰু ভক্তি কৰো । সমাজৰ প্ৰতিজন জ্যেষ্ঠ ব্যক্তিয়ে মোৰ পিতৃ মাতৃ সদৃশ । প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ সন্তানক গালি দিয়াৰ অধিকাৰ আছে । কিয়নো আমাৰ গ্ৰাম্য জীৱনৰ চহা সহজ সৰল থলুৱা ভূমি পুত্ৰ সকলক ভুল তথ্যৰ জৰিয়তে ক্ষমতাৰ লালসাত পৰি অবাটে বাট বুলিবৰ বাবে প্ৰৰোচিত কৰি আহিছে, আমাৰ চৰকাৰ খনক অস্থিৰ কৰি তোলাৰ লগতে সমগ্ৰ অসমখন অশান্ত কৰাৰ উদ্দেশ্যেৰে । কিন্তু মই ন’ দি কৈছো এইখন অসম চিৰকালৰ বাবে অসমীয়াৰ হৈ থাকিব । কিয়নো আমি শাসনলৈ অহাৰ পিছৰে পৰা সাংবিধানিক মাটি ভেঁটি ৰক্ষাৰ বাবে সুৰক্ষা কবচ নিৰ্মাণৰ বাবে কাম কৰি আহিছোঁ । আমাৰ অভিযান হ’ল দুৰ্নীতি মুক্ত অসম গঢ়াৰ । দুৰ্নীতি মুক্ত অসমত কোনো অভিভাৱকে নিজৰ সন্তানক লৈ হতাশাত ভুগিব নালাগে, যিসকলৰ মেধা ভিত্তিক দক্ষতা আছে, বিভিন্ন বিভাগত নিকাভাৱে নিযুক্তি লাভ কৰিব । শৈক্ষিক মানদণ্ড উন্নত কৰিবৰ বাবে গুণোৎসৱৰ দিহা কৰা হৈছে । মনমোহন সিঙৰ ১০ বছৰীয়া শাসনত অসমৰ উন্নয়ন আছিল স্থৱিৰ । এতিয়া আমাৰ কমদিনীয়া কাৰ্যকালৰ ভিতৰত অসমৰ উন্নয়ন লক্ষ্যনীয় । আমাৰ যাত্ৰা হ’ল সমাজ ব্যৱস্থাক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা, আজিৰ তাৰিখত ১৫০০ সৰু-বৰ চাহ বাগিচাৰ উন্নয়ন আৰু বাগিচাৰ শ্ৰমিক সকলক প্ৰগতিশীল সমাজ ব্যৱস্থাৰ লগত চিনাকী কৰাবৰ বাবে আমি উন্নয়নৰ আচঁনি গ্ৰহণ কৰিছোঁ । বাগিচাৰ শ্ৰমিক সকল যাতে উপক্ষিত হৈ থাকিব লগা নহয় তাৰ বাবে নিজাকৈ একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছোঁ । ডেৰ মাহৰ ভিতৰত ৮ লাখ চাহ শ্ৰমিকে নিজে বেংক একাউণ্ট খুলিছে আৰু আমি প্ৰতিটো একাউণ্টত আমি বিনামূলীয়াকৈ ২ টা কিস্তিত ৫ হাজাৰকৈ টকা ভৰাই দিয়াৰ দিহা কৰিছো । গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’লেহে ৰাজ্যৰ উন্নয়ন সম্ভৱ‌ । অসমৰ গ্ৰাম্য সংস্কৃতি বিভিন্ন জাতি জনজাতিৰ মাজত সুপ্ত হৈ আছে অগণন প্ৰতিভা, যদি সৰ্ব দিশতে যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় তেন্তে ভাৰতৰ ভিতৰত অসমখন শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত হ’বলৈ সক্ষম হব । ইতিমধ্যে আমি ১০ হাজাৰ কিঃমিঃ পথৰ উন্নয়নৰ কাম কৰি আহিছোঁ । ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ ৫ খন দলঙ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দৃঢ়তাৰে কয় যে, এইখন লাচিত বৰফুকন, মুলাগাভৰু, কনকলতা, মুকুন্দ কাকতি, বীৰ চিলাৰায়, স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা অসম দেশ । এইখন অসমত কোনো বহিঃ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে । নাগৰিকত্ব সংশোধনী বিধেয়ক খনক লৈ কংগ্ৰেছ আৰু বাওঁপন্থী সকলে অসমখন অশান্ত কৰাৰ লগতে ৰাইজক ভুল পথে পৰিচালিত কৰাৰ উদ্দেশ্যেৰে অপপ্ৰচাৰ আৰু বিধেয়ক খনক ভুল ব্যাখ্যা কৰি আহিছে । আজি বিশ্বনাথ জিলাৰ বৰগাঙত ২১ কোটি টকা ব্যয় সাপেক্ষে স্থাপন হ’ব লগা উত্তৰ পূৰ্বাঞ্চলৰ চতুৰ্থটো এড়ি স্পান চিল্ক মিলৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী উপস্থিতিৰ লগতে কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, ৰাজ্যিক শক্তি মন্ত্ৰী তপন গগৈ, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, টিংখংৰ বিধায়ক বিমল বৰা, বিভাগীয় আয়ুক্ত সচিব আনোৱাৰুদ্দিন চৌধুৰী, ৰাজ্যিক পণ্যাগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়, বিশ্বনাথৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড, ৰেচম বিভাগৰ মুক্তানাথ শইকীয়া, বিশিষ্ট বিজ্ঞানী বিদ্যুৎ নাথ চৌধুৰী, সমাজকৰ্মী ডঃ অমিয় কুমাৰ ভূঞা, পৰেশ বৰকাকতী উপস্থিত থাকে । আদৰণি ভাষণ প্ৰদান কৰে বিভাগীয় আয়ুক্ত সচিব আনোৱাৰুদ্দিন চৌধুৰীয়ে । কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ভাষণ প্ৰসংগত কয় সদ্য স্থাপিত হ’ব লগা এড়ী স্পান চিল্ক মিলৰ দ্বাৰা জিলাখনৰ যথেষ্ট সংখ্যক লোক উপকৃত হ’ব । এই মিলত প্ৰতি বছৰত ৩৩ মেট্ৰিক টন উচ্চ মান বিশিষ্ট এড়ী সূতা উৎপন্ন হ’ব । অসমে ভাৰতৰ ভিতৰত ৬৫ % এড়ী উৎপন্ন কৰে । ভাৰতৰ ভিতৰত অসম দ্বিতীয় ৰাজ্য এড়ি উৎপাদনৰ ক্ষেত্ৰত । শক্তি মন্ত্ৰী তপন গগৈয়ে কয় যে ৬০ হাজাৰ কিঃমিঃ তাঁৰৰ পৰিৱৰ্তে কেবলৰ ব্যৱস্থা কৰা হ’ব, বিদ্যুৎ নথকা এঘৰো মানুহ নাথাকিব, প্ৰতিঘৰকে বিনামূলীয়াকৈ ৪ টাকৈ এল.ই.ডি বাল্ব যোগান ধৰা হ’ব বিনামূলীয়াকৈ । সভাত ঝংকিতা বৰাই সত্ৰীয়া নৃত্য পৰিৱেশন কৰে ।

Related posts

Leave a Comment