গোসাঁইগাঁওত জনজাতিকৰণৰ বিৰুদ্ধে ট্ৰাইবেল সংঘৰ হাতে হাতে জুইলৈ প্ৰতিবাদ

Sharing is caring!

অসম খবৰ ১ফেব্ৰৱাৰী : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে আজি বিভিন্ন জিলাৰ লগতে গোসাঁইগাঁওতো কেন্দ্ৰীয় তথা অসম চৰকাৰৰ বিৰুদ্ধে ক্ষুন্ন হৈ সদৌ অসম ট্ৰাইবেল সংঘই এক বৃহৎ প্ৰতিবাদি কাৰ্যসূচী গ্ৰ্হন কৰে৷ ট্ৰাইবেল সংঘটোৰ গোসাঁইগাঁও শাখাৰ প্ৰায় শতাধিক সদস্যবৃন্দাই উক্ত বিলখনৰ বাতিলৰ দাবিত হাতে হাতে জুই লৈ সমদলখনত পতিবাদ কৰা পৰিলক্ষিত হয় ৷

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ,বি জে পি গো বেক , নৰেন্দ্ৰ মোদী হায় হায় আদি ধ্বনিৰে গোটেই চাহৰ উত্তাল কৰি তোলে । অসম আৰু কেন্ত্রীয় চৰকাৰৰ জানাজাতিকাৰণৰ স্থিতিক লৈ অসন্তুষ্ট প্ৰকাশ কৰি সংঘটোৰ গোসাঁইগাঁওৰ সম্পাদক নিবাৰন বসুমাতাৰীয়ে কয় যে এই বিলখন পাছ কৰিলে অসমৰ বাকী জনজাতীবোৰে সকলো দিশতে পিছুৱাই যাব সেয়েহে বিলখন যাতে কোনো পদ্বেই পাছ নকৰে তাৰ বাবে দলটোৱে সকলো ধৰনৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লবলৈ সাজু আৰু বি জে পি চৰকাৰে বিলখনক লৈ নিজৰ স্থিতি সলনি নকৰিলে অনাগত দিনত ট্ৰাবেল সংঘ সহ অন্যান্য জনজাতি সংগঠন সমূহে আজিতকৈ ভয়াবস আন্দোলন গঢ়ি তুলিব বুলি জনায়।

Related posts

Leave a Comment