খিলঞ্জীয়াৰ প্ৰতিবাদী সত্বা ধ্বংসৰ চক্ৰান্তৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী

Sharing is caring!

খিলঞ্জীয়াৰ বিৰুদ্ধে বিজেপি চৰকাৰ আৰু প্ৰশাসনে যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰক বীৰ লাচিত সেনা, অসম এ কোনো কাৰনতে সহ্য নকৰে৷ অসমত অসমীয়াৰ প্ৰভুত্ব আৰু আধিপত্য থাকিবই লাগিব৷ অনা অসমীয়া, মাৰোৱাৰী বাংলাদেশীৰহৈ কাম কৰা বিজেপি চৰকাৰ আৰু আৰক্ষীৰ জাতিদ্ৰোহী ভুমিকাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিৰোধ সংগ্ৰাম অসমৰ জনগণৰ সহযোগত গঢ়ি তোলা হব৷ শিৱসাগৰ আৰক্ষীয়ে অসমত অসমীয়াৰ পক্ষত মাত মতাৰ অপৰাধত বীৰ লাচিত সেনা, অসমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য শৃংখল চলিহা আৰু জিলা সভাপতি চিতু বৰুৱাক ভুৱা গোচৰত ষড়যন্ত্ৰমূলক ভাবে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজি দিনৰ ২ বজাত ৰাজ্যজুৰি বীৰ লাচিত সেনাৰ সদস্য সকলক পথঅৱৰোধ কৰিবলৈ আহ্বান জনালো ৷ অসমৰ সৰ্বত্ৰ বিজেপি চৰকাৰৰ অসমীয়া বিৰোধী চৰিত্ৰ আৰু অাৰক্ষীয়ে বিজেপি আৰএছএছৰ পৃষ্ঠপোষকতাত খিলঞ্জীয়াৰ প্ৰতিবাদী সত্বা ধ্বংসৰ চক্ৰান্তৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ সদস্য সকলে জিলা,আঞ্চলিক পৰ্যায়ত পথ অৱৰোধ কৰাৰ লগতে শৃংখল আৰু চিতুৰ মুক্তিৰ দাবী কৰি প্ৰতিবাদী কাৰ্যসূচী লৱলৈ অনুৰোধ কৰিলো৷আনহাতে কাইলৈ শিৱসাগৰ সমিতিয়ে শিৱসাগৰ জিলা ১২ ঘন্টাৰ বাবে বন্ধ কৰি দিবলৈ কাৰ্যসূচী লব৷

কবিন্দ্ৰ চেতিয়া ফুকন
সভাপতি,
বীৰ লাচিত সেনা, অসম

Related posts

Leave a Comment